জুলি কোঁচ
সময়বোৰ অবাটে বুলিছেনে
সপোনবোৰ অবাটৰ পৰা বুটলিছোঁ
বুজাটো যেন দুৰূহ
অসন্তুষ্টিৰ হুমুনিয়াহবোৰ বাটে ঘাটে শুনিছোঁ
সুখত হাঁহি নাই দুখত চকুলো নাই
আপেক্ষিক অনুভৱ মাথোন
ভোগত সন্তুষ্টি নাই
বিলাসত প্ৰশান্তি নাই
দৌৰিছোঁ দৌৰিছোঁ উৰিছোঁ
ভৰিৰ তলত মাটি নাই চকুৰ আগত বাট নাই
অবাটৰ সপোন বুটলি ঢপলিয়াইছোঁ
শান্তি প্ৰশান্তি বিচাৰি হাবাথুৰি খাইছোঁ
ভাগৰুৱা হুমুনিয়াহবোৰ বুকুত কঢ়িয়াই
উশাহবোৰ গধুৰ কৰিছোঁ
অসুখত কোঙা হৈছোঁ
আপোন সপোন হেৰুৱাই
নিজৰ শৰাধ নিজেই পাতিছোঁ।
::x::x::x::
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments