A short story by প্ৰনব শৰ্মা
শাৰদীয় দুৰ্গা পূজা সমাগত৷ অলপ অলপ ঠাণ্ডা পৰিছে৷ আন্দোলনে জোকাৰি থকা অসম৷ 'দৈনিক অসম'ৰ পৃষ্ঠাবোৰ অহিংস আন্দোলনৰ তেজৰ চেকাই ৰঙা কৰি পেলাইছে৷ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ মৰ্মে আন্দোলনৰ নেতাগণ দিল্লীলৈ গৈছিল৷ কিন্ত বিদেশী বিতাৰনৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ বাবে অসমৰ জনতাৰ লগত আলোচনা কৰিবলৈ আকৌ অসমলৈ ঘুৰি আহিছে৷ সেয়েহে কেইদিনমান কোনো আন্দোলনৰ কাৰ্য্যসূচী নাই৷ অলপ শান্ত পৰিবেশ৷ এনেয়ে শাৰদীয় বতৰ, তাতে আন্দোলনৰ কোনো কাৰ্য্যসূচী নাই৷ অলপ ফুৰিবলৈ বুলি ওলাই আহিলো৷
ঘৰৰ পৰা ওলাইয়ে কেঁকুৰিটো ঘুৰিয়ে দেখিলো প্ৰকাণ্ড ম’জ গছজোপা৷ তল সৰা পাত সমুহ বুটলাত ব্যস্ত কেইটামান লৰা ছোৱালী৷ পিন্ধনত মলিয়ন কাপোৰ৷ গাভৰু হবলৈ আৰম্ভ কৰা ছোৱালী কেইজনীয়ে কোনো ৰকমে লাজ ঢাকিবলৈ সক্ষম হৈছে৷ মই গৈ আছো৷ দেখিছো একে দৃশ্যৰে সমাবেশ৷ যেন এই লৰা ছোৱালীবোৰ গুৱাহাটী মিউনিচিপালিটিৰ অবৈতনিক কৰ্মচাৰীহে, চহৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ। হয়টো এই ল'ৰা-ছোৱালী বোৰ আন্দোলনকাৰী নেতৃত্বই কোৱা বিদেশী সকলৰেই ল'ৰা-ছোৱালী৷ ইহঁতে ডাঙৰ হৈ আমাৰ চাকৰি সমুহ কাঢ়ি ল'ব৷ চৰকাৰী খালী হৈ থকা মাটিবোৰ দখল কৰিব৷ দেশৰ লোকপিয়লৰ পৰিসংখ্যাবোৰ সলনি কৰি পেলাব৷ কিন্তু আহিল কেনেকৈ ইহত? আমাৰ ৰখীয়া নাই নেকি সীমান্তত? খোজেপতি মনলৈ প্ৰশ্নবোৰ আহিবলৈ ল'লে, খোজবোৰো যেন কিবা গধুৰ হ’ব ধৰিলে৷
মই আহি আহি হাইকোৰ্ট পালোহি৷ নেহেৰু পাৰ্কলৈ বুলি জজ খেলপথাৰৰ মাজেদিয়ে পোনালো৷ খেলপথাৰৰ চাৰিওপিনে থকা গছবোৰৰ তলবোৰ বাটত লগ পাই অহা অঘৰীবোৰে দখল কৰি পেলাইছে৷ বিভিন্ন বয়সৰ পানী কেঁচুৱাৰ পৰা আলৰ বৃদ্ধ-বৃদ্ধালৈ৷ মই আহি আহি খেলপথাৰৰ প্ৰায় শেষ পালোহি৷ খেলপথাৰৰ পৰা পাৰ্কৰ গেটলৈ যোৱা ৰাস্তাটোৰ কাষতে থকা আহতজোপাৰ তললৈ মন কৰিলো৷ এজন বৃদ্ধই তিনিটা ইটাৰে বনোৱা চৌকা এটাৰ কাষত বহি কাৰোবাক চিঞৰি মাতি আছে৷ চৌকাটোত জুই প্ৰায় নায়েই৷ হয়টো বৃদ্ধ গৰাকী অন্ধ আৰু ঠাণ্ডা পাইছে৷ কাষতে সদ্য মাতৃ এগৰাকী গাভৰুৱে কোঁচত কেঁচুৱা এটা লৈ তল সৰা পাত বুটলি আছে৷ গাভৰু গৰাকী নিশ্চয় বুঢ়াটোৰ জীয়েক নাইবা নাতিনীয়েক৷ গাভৰু মাক গৰাকীয়ে সৰা পাত কিছু আনি চৌকাটোত দি ফুৱাই ফুৱাই জুই তুলি দিলে৷ গাভৰু গৰাকীৰ কোঁচত থকা শিশুটো ধোঁৱা পাই কান্দি উঠিল৷ ময়ো ৰাস্তাটো পাৰ হৈ পাৰ্কলৈ সোমাই গলো৷
পাৰ্কৰ ভিতৰ সোমাই পুখুৰীটোৰ পাৰলৈ গ'লো৷ বেঞ্চবোৰ ডেকা গাভৰু সকলে দখল কৰি বহিছে৷ ময়ো এখন বেঞ্চ খালী পাই বহি পৰিলো৷ পুখুৰীটোত বিভিন্ন মাছৰ পোৱালিয়ে জাকপাতি সাতুঁৰি আছে৷ পুখুৰীৰ মাছবোৰ চাই চাই অনাগত দিনবোৰৰ বিষয়ে চিন্তা কৰিবলৈ ধৰিলো৷ সময়সীমা কি হ'ব বাৰু? নেতৃত্বই কোনো ইঙ্গিত দিয়া নাই৷ কিন্তু নিবাৰণ বৰাই ১৯৫১ চনৰ ওপৰত বিভিন্ন সভা সমুহত বক্তৃতা দি আছে৷ নেতৃত্বয়ো ১৯৫১ৰ কথাকে দোহাৰিব নেকি? যদি কেন্দ্ৰীয় চৰকাৰে ১৯৫১ মানি নলয়, তেনেহলে কি হ'ব? চিন্তাবোৰে মন মগজুত খলকনি লগাই থাকোতেই মন কৰিলোঁ, মোৰ উপস্থিতি মোৰ ওচৰৰ ডেকা গাভৰু সকলৰ কাম্য হৈ থকা নাই৷ মই লাহেকৈ উঠি ওলাই আহিলো৷
পাৰ্কৰ পৰা ওলাই ৰাস্তাটো পাৰ হৈ আহত জোপাৰ তললৈ চকু গ’ল৷ দেখিলো তিনিতা ইটাৰে বনোৱা চৌকাটো ধোঁৱাই আছে৷ কিন্ত কাষত অন্ধ বুঢ়াটো নাই৷ গাভৰু গৰাকীকো দেখা নাপালো৷ ক'লৈ গ’ল? মনতে প্ৰশ্ন কৰি ঘৰলৈ বুলি আগবাঢ়িলো৷ কিন্তু অসাৱধানবশত চকুযোৰ গজজোপালৈ যাওঁতে গছজোপাৰ গুৰিত থকা খোৰোঙৰ ভিতৰৰ দৃশ্য দেখি শিয়ৰি উঠিলোঁ৷ মানুহৰ পেতৰ ক্ষুধা আৰু সন্তানৰ পিতৃ-মাতৃৰ প্ৰতি থকা কৰ্তব্যবোধৰ সেই চৰম সত্যত বিচলিত হৈ পৰিলো৷ গাভৰু গৰাকীৰ মাতৃত্ববোধৰ চেনেহে সভ্যতাক গছকিচে নে বহুদুৰ আগুৱাই লৈ গৈছে ক'ব নোৱাৰিলো৷
::x::x::x::
(গল্পটো ১৯৮৪ চনত ৰচিত আৰু প্ৰকাশিত৷ কিন্ত পুৰণি তথ্য বিচাৰি নোপোৱাত ২০২০ চনত পুণৰ লিখিত। লেখকে মনেৰে যুকিয়াঁই আকৌ লিখিছে। গল্পটো প্ৰাচীন ৰোম'ৰ বুৰঞ্জীবিদ ভেলেৰিয়াছ মেক্সিমাছ'ৰ দ্বাৰা ৰচিত 'ফেক্টৰাম অক ডিক্ট'ৰাম মেমোৰিবিলিয়া' (প্ৰাচীন ৰোমৰ উল্লেখযোগ্য কৰ্ম আৰু বাণী) নামৰ নখন গ্ৰন্থৰ অন্তৰ্গত 'ৰোমান চেৰিটি' নামৰ গল্পটোৰ দ্বাৰা বিশেষভাবে প্ৰভাৱিত হৈ লিখা য'ত পেৰ' নামৰ যুৱতী গৰাকীয়ে ক্ষুধাজৰ্জৰ হৈ মৰিবলৈ মৃত্যুদণ্ডৰে দণ্ডিত হৈ কাৰাবাসত আৱদ্ধ পিতাক চিমন'ক দৈনিক লগ কৰিবলৈ গৈ মনে মনে নিজৰ স্তনপান কৰাইছিল একমাত্ৰ নিজৰ পিতৃৰ জীৱন ৰক্ষা কৰিবলৈ।)
Photo Courtesy: https://en.wikipedia.org/wiki/Roman_Charity
Pranab Sarma
is a Master of Business Administration,
currently works as an independent
financial consultant and
lives in Guwahati
Comments