জুলী কোচ
উৰুকাৰ নিশা পাৰ হৈ কেইবাদিনো গ'ল এতিয়াও ম্লান পৰা নাই ভোগালীৰ আনন্দ
ভোজৰ জুতি অথবা তৃপ্তিৰ কথানো কেলৈ
একপি ফটো অথবা এটি ভিডিঅ'
মুখছবিত জিলিকাই তোলাটোয়েই ভোগৰ সংজ্ঞা আজিৰ দিনত
তাতে আকৌ অসন্তোষ আইতা বৰমাহঁতৰ
ন'হবনো কিয়?
তেওঁলোক যে ওৰণি তলৰ মানুহ
চুলি মেলাই, পিঠি উদঙাই ফটো উঠাটো
তেওঁলোকৰ বাবে সপোনৰো সিপাৰৰ কথা
ওৰণিৰ তলেৰে দেখাকণেই তেওঁলোকৰ পৃথিৱী
এতিয়া জীৱনৰ ভাটীবেলাত
তেওঁলোকৰ সোঁৱৰিবলৈ স্মৃতি এটিও সাঁচতীয়া নাই
কিমান হেঁপাহ,মনৰ পিয়াহ ৰান্ধনী শালৰ জুইত
জাহ যোৱালে হিচাপ নাই তাৰ
ক্ষণভঙ্গুৰ সময়, ক্ষণভঙ্গুৰ জীৱন
গোলকীকৰণে সলনি কৰিলে বয়সৰো হিচাপ
শতায়ু গৰকা কেইজননো ককা আইতা আছে
আমাৰ মাজত!
আশী গৰকাটোও দুৰূহ আজিৰ সময়ত
সেইবাবেই আনন্দ স্ফুৰ্তিৰ বাবে পোৱা সুযোগ কণ হেৰুৱাব নালাগে
আৰু সময়খিনি ধৰি ৰখাৰ প্ৰয়াসকণো
কাহানিও ধোঁৱাই থকা ভাতৰ আমেজ নোপোৱা
আইতা বৰমাহঁতেও বুজিছে কথাবোৰ
সেয়ে এপাক নাচিচেও
কিন্তু ভোজৰ ভাতসাঁজৰ তৃপ্তি
তাহানিৰ দৰে নোপোৱা হ'ল
কাৰণ তৃপ্তি জানো ভোগত থাকে?
তৃপ্তি থাকে ভোকতহে
যি তাহানিৰ, আজিৰ বুলি নহয়
চিৰশাশ্বত সংজ্ঞা তাৰ।
::x::x::x::
Poet Julee Koch
lives in Nazira, Sivasagar, Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments