তাজুদ্দিন আহমেদ
১৯৭৭ চনৰ ২১ মাৰ্চত দেশত জৰুৰীকালীন অৱস্থাৰ অন্ত পৰে। তাৰ পূৰ্বে ১৮ জানুৱাৰীত লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হয়, লগতে বিৰোধী দলৰ সকলো কাৰাবন্দী নেতাক মুকলি কৰি দিয়া হয়। ৰেডিঅ' যোগে এই বাতৰি প্ৰচাৰ হোৱাত ৰাইজৰ মাজত বিশেষ প্ৰতিক্ৰিয়া নেদেখিলোঁ। জৰুৰীকালীন অৱস্থাত অসমত কোনোৱেই চৰম চৰকাৰী দমন সন্ত্ৰাসৰ বলি হোৱা নাছিল বুলিব পাৰি। সেই বাবে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে ক্ষোভ উজৰাৰ বাবে এই নিৰ্বাচনক লৈ গুৱাহাটীৰ কোনো ব্যক্তিকে বৰকৈ উল্লাসিত হোৱা দেখা নাছিলোঁ। কিন্তু বাতৰি কাকতবোৰত তাৰ প্ৰতিক্ৰিয়া দিনক দিনে বৃদ্ধি পাইছিল। প্ৰাৰম্ভিক কালত জৰুৰীকালীন অৱস্থাৰ অধীনত প্ৰেছ চেনছৰশ্বিপত বাতৰি কাকতৰ মত প্ৰকাশৰ স্বাধীনতাত যিধৰণৰ চৰকাৰী হস্তক্ষেপ হৈছিল, সেই অৱস্থাৰ পৰা বাতৰি কাকতসমূহে নিৰ্বাচন বুলি কিছু সকাহ পাইছিল। ফলত, পূৰ্বৰ ক্ষোভ বাতৰি কাকতসমূহত বাৰুকৈয়ে স্পষ্ট ৰূপত প্ৰকাশ পাইছিল।
বিৰোধী নেতাসকল কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাচত বাতৰি কাকতবোৰ একপ্ৰকাৰ তেওঁলোকৰ মুখপত্ৰ হৈ পৰিছিল। চৰকাৰে কুৰি দফীয়া আঁচনিৰ অন্তৰ্গত যিবোৰ কল্যাণমূলক কাম কৰিছিল তাৰে ভিতৰত পৰিয়াল পৰিকল্পনা আঁচনিখনে ইন্দিৰা গান্ধীক গণৰোষত পতিত কৰোৱাইছিল। উত্তৰ ভাৰতত চৰকাৰী চিকিৎসালয়বোৰে এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে কিছুমান মধ্যভোগী নিয়োগ কৰি বন্ধ্যাকৰণৰ বাবে মানুহ অনাৰ অভিযোগ উঠিছিল। মানুহবোৰক বন্ধ্যাকৰণ অস্ত্ৰোপচাৰৰ কথা নোকোৱাকৈ ফুচলাই অনা বুলিও গুজৱ ওলাইছিল। এই কথাবোৰ প্ৰচাৰ হোৱাত মানুহে অন্য ৰোগতো চিকিৎসালয়লৈ যাবলৈ ভয় কৰাৰ পৰিৱেশ সুচনা হোৱাৰ খবৰ শুনিছিলোঁ।
দিল্লীৰ ঐতিহাসিক জাম্মা মছজিদৰ চৌহদত তাৰ ইমাম গৰাকীৰ প্ৰত্যক্ষ সহযোগত বহু দোকান গঢ়ি উঠিছিল। সেই সময়ত ৰাইজৰ মাজত গঢ় লৈ উঠা অভিযোগ অনুসৰি তদানীন্তন ইমাম গৰাকীয়ে হেনো সেই দোকানবোৰ বনাই ভাড়ালৈ দিছিল। ফলত মুছলমান সকলৰ ধৰ্মীয় আৱেগ বিজড়িত আৰু পৰ্যটনৰো অশেষ সম্ভাৱনাযুক্ত এই ঐতিহাসিক ঠাই ডোখৰৰ সুন্দৰ পৰিৱেশ বিনষ্ট হৈ এক বস্তি অঞ্চলত পৰিণত হৈছিল। জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধী চৰকাৰে এই অবৈধ দোকানবোৰ উচ্ছেদ কৰিছিল। ইয়াকে লৈ বুখাৰী উপাধিৰ জাম্মা মছজিদৰ তদানীন্তন ইমাম জনে উচ্চেদ কাৰ্য্যক সাম্প্ৰদায়িক ৰঙ সানি ইন্দিৰা গান্ধীক ধিক্কাৰ দিছিল। ফলত, উত্তৰ ভাৰতৰ মুছলমানবোৰে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল। জৰুৰীকালীন অৱস্থাটোত হোৱা পুৰুষৰ বন্ধ্যাকৰণ আৰু জাম্মা মছজিদৰ উচ্ছেদৰ ফলত ইন্দিৰা গান্ধীয়ে উত্তৰ ভাৰতৰ সাধাৰণ হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰেই আস্থা হেৰুৱাইছিল।
বিৰোধী দলৰ নেতাসকলেও জেলৰ পৰা মুক্তি পোৱাত তেওঁলোকৰ ওপৰত চলোৱা চৰকাৰী নিৰ্যাতনৰ বা-বাতৰি কাকতবোৰত কিছু প্ৰকাশ পাইছিল। এইদৰে দেশৰ নিৰ্বাচনী বাতাবৰণ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে গঢ় লৈ উঠিছিল।
ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা বলবৎ কৰাৰ মূলতে আছিল জয়প্ৰকাশ নাৰায়ণৰ আন্দোলন। জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰি আছিল। সেয়ে ইন্দিৰা গান্ধীয়ে উপায়ন্তৰ হৈ এই আন্দোলন আৰু আন্দোলনকাৰীক দমন কৰিছিল।
ইন্দিৰা গান্ধীৰ বিৰুদ্ধে এই গণ আন্দোলনৰ মূলতে আছিল এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায় যত ইন্দিৰা গান্ধীক দোষী সাব্যস্ত কৰা হৈছিল। ১৯৭১ চনত ইন্দিৰা গান্ধীয়ে ৰায় বেৰেলীৰ পৰা জিকি সাংসদ হৈ প্ৰধানমন্ত্ৰী হৈ আছিল। ইন্দিৰা গান্ধীৰ বিৰোধী প্ৰাৰ্থী আছিল ছচিয়েলিষ্ট পাৰ্টীৰ ৰাজ নাৰায়ণ। তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল যে ইন্দিৰা গান্ধীয়ে নিৰ্বাচনত চৰকাৰী ব্যক্তি আৰু প্ৰশাসনক ব্যৱহাৰ কৰিছিল। ইন্দিৰা গান্ধীৰ ইলেকশ্বন এজেণ্ট গৰাকী চৰকাৰী চাকৰিয়াল আছিল। এই আইনী যুদ্ধত ইন্দিৰা গান্ধী পৰাজিত হৈছিল। ন্যায়াধীশ জগমোহনলাল সিনহাই ইন্দিৰা গান্ধীয়ে কোনো নিৰ্বাচিত পদবীত থাকিব নোৱাৰে বুলি আৰু ৬ বছৰৰ কাৰণে কোনো নিৰ্বাচনত প্ৰাৰ্থী হব নোৱাৰে বুলি ৰায় দিছিল। সেয়ে বিৰোধীয়ে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীত কৰা আন্দোলনে জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰিছিল। অৱশ্যে ইন্দিৰা গান্ধীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ত পুনৰ আপীল কৰাত ন্যায়ধীশ ভি আৰ কৃষ্ণা আয়াৰে ২৪ জুন ১৯৭৫ চনত ন্যায়ধীশ সিনহাই দিয়া ৰায়ক স্বত্বসাপেক্ষে স্থগিত ৰাখিছিল। ফলত, ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠ হৈ থকাৰ অধিকাৰ পাইছিল যদিও সংসদীয় কাৰ্য্য-প্ৰণালীত ভাগ লোৱাৰ আৰু দৰমহা লোৱাৰ পৰা বিৰত থাকিব লাগিব বুলি কৈছিল।।
ইন্দিৰা গান্ধীয়ে উচ্চ ন্যায়ালয়ৰ পৰা সামান্য সকাহ পালে যদিও গণবিৰোধ তেওঁৰ বিপক্ষে কিন্তু তীব্ৰতৰ হৈয়ে আছিল। ফলত ২৫ জুন ১৯৭৫ চনত তেওঁ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছিল।
নিৰ্বাচনৰ দিন ঘোষণা হোৱাত জৰুৰীকালীন অৱস্থাত কাৰাবন্দী কৰা সকলো বিৰোধী নেতাই মুক্তি লভি আগন্তুক নিৰ্বাচনত এক লগ হৈ নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলাইছিল। ছচিয়েলিষ্ট পাৰ্টিৰ জয় প্ৰকাশ নাৰায়ণৰ নেতৃত্বত চলা গণ আন্দোলনৰ সহযোগী ভাৰতীয় জাতীয় কংগ্ৰেছ (সাংগঠনিক) বা INC(O), ভাৰতীয় লোক দল আৰু ভাৰতীয় জন সঙ্ঘই মিলি জনতা পাৰ্টি গঠন কৰিছিল।
জনতা পাৰ্টি গঠনৰ গুৰি ধৰোতাসকল আছিল কংগ্ৰেছৰ বিসম্বাদী কামাৰাজৰ INC(O) দলৰ মোৰাৰজী দেশাই, ছচিয়েলিষ্ট পাৰ্টিৰ জয়প্ৰকাশ নাৰায়ণ, ভাৰতীয় লোক দলৰ চৰণ সিং, বিজু পাটনায়ক আদি আৰু ভাৰতীয় জন সঙ্ঘৰ অটল বিহাৰী বাজপেয়ী।
ভাৰতীয় লোক দল কিছু বছৰ পূৰ্বে ৭টা দল মিলি গঠন হৈছিল। এই দল কেইটাৰ ভিতৰত প্ৰভাৱশালী দল আছিল তামিলনাডুৰ চি গোপালাচাৰীৰ স্বতন্ত্ৰ পাৰ্টী, উৰিষ্যাৰ বিজু পাটনায়কৰ উৎকল কংগ্ৰেছ আৰু উত্তৰ প্ৰদেশৰ চৰণ সিঙৰ ভাৰতীয় ক্ৰান্তি দল।
ভাৰতীয় জন সঙ্ঘ আছিল অটল বিহাৰী বাজপেয়ীৰ। এই দলটোৱে মদন মোহন মালব্যৰ হিন্দু মহাসভাৰ পৰা জন্ম লভিছিল।
মাৰ্চৰ ১৬ ৰ পৰা ২০ তাৰিখলৈ চলা এই নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জনতা পাৰ্টিৰ বহু ৰাষ্ট্ৰীয় নেতা অসমলৈ আহিছিল। সেইসময়ত গুৱাহাটীত সকলো ৰাজনৈতিক দলৰ ৰাজহুৱা সভা জজ্ ফিল্ডত হৈছিল। গুৱাহাটীত কংগ্ৰেছৰ সভাবোৰত মানুহ কম হৈছিল যদিও সমগ্ৰ অসমত কংগ্ৰেছৰ সমৰ্থন ভালেখিনি অটুট আছিল। অসমৰ ১৪ খন লোকসভা আসনৰ ১০ খন কংগ্ৰেছে লাভ কৰিছিল। গুৱাহাটীত জনতা পাৰ্টিৰ ৰেণুকা দেবী বৰকটকী জয়ী হৈছিল।
ইয়াত জনতা পাৰ্টিৰ বেছি ভাগ সমৰ্থকেই মুলতঃ অনা অসমীয়া (ৰাজস্থান, বিহাৰ ইত্যাদি মুলৰ) দেখি ভাব হৈছিল উত্তৰ ভাৰতত জনতা পাৰ্টিৰ বিজয় সুনিশ্চিত বুলি। অসমৰ ৰাজনৈতিক ক্ষেত্ৰত কাহানিও নেদেখা উপৰত উল্লেখিত অনা অসমীয়া সম্প্ৰদায়ৰ লোকসকলক প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ভাৱে ইমান সক্ৰিয় হৈ জনতা পাৰ্টিৰ বাবে প্ৰচাৰ কৰা দেখিছিলোঁ। এই নিৰ্বাচনত মঙ্গলদৈৰ পৰা জনতা পাৰ্টিৰ প্ৰাৰ্থী হীৰালাল পাটোৱাৰী জয়ী হৈছিল। তেওঁ মুলতঃ বিহাৰৰ আছিল। তেওঁৰ সমষ্টিত ২ লাখ মুছলমান বাংলাদেশীৰ প্ৰবজনকাৰী আছে বুলি শুনিছিলোঁ। বিদেশী বিতাড়ণ আন্দোলনৰ সূত্ৰপাত ইয়াৰ পৰাই হৈছিল বুলি ক'ব পাৰি। অসমত যদিও জনতা পাৰ্টিয়ে ভাল ফলাফল দেখুৱাব পৰা নাছিল তথাপিও বিদেশী বিতাড়ণৰ দাবীকলৈ গঢ় লোৱা এক নতুন ৰাজনীতিৰ জন্ম দিছিল।
১৯৭৭ চনৰ ২০ মাৰ্চত নিৰ্বাচন সমাপ্ত হোৱাৰ দিনাখন ইন্দিৰা গান্ধীয়ে অনুমান কৰিছিল যে এই নিৰ্বাচন তেওঁৰ বিপক্ষে আছিল আৰু তেওঁৰ পৰাজয় নিশ্চিত আছিল। সেয়েহে তেওঁ ফলাফললৈ অপেক্ষা নকৰি ২১ মাৰ্চত অৰ্থাৎ নিৰ্বাচন শেষ হোৱাৰ পৰৱৰ্তী দিনটোত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিছিল।
সেইবাৰ ভোট গণনা চলি থকাৰ সময়ত কোন প্ৰাৰ্থী কিমান আগ বাঢ়ি আছে সেই খবৰবোৰ এঘণ্টাৰ মূৰে মূৰে ৰেডিঅ'ত তাকো খুবেই সংক্ষেপত শুনিবলৈ পাইছিলোঁ। বিস্তৃত খবৰৰ বাবে জনসংযোগ বিভাগে স্থাপন কৰা দুখন ডাঙৰ ঘোষণা ফলক চাবলৈ কাছাৰীলৈ যাব লাগিছিল। কাছাৰীৰ সেই ঘোষণা ফলকত লিখা আৰু মাজে সময়ে মাইকযোগে ভোট গণনাৰ নতুন খবৰ ঘোষিত হ'লে সমৰ্থকৰ হৰ্ষোল্লাস শুনিছিলোঁ। তাত জনতা পাৰ্টিৰ বেছিভাগ সমৰ্থক ফাঁচীবজাৰৰ অনা অসমীয়া বিশেষকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল। যিহেতু তেওঁলোকে জনসংযোগ বিভাগৰ খবৰত উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিৰ বহু বিয়াগোম নেতাৰ হৰা জিকাৰ খবৰবোৰ পাইছিল। আৰু পচন্দৰ খবৰ পালে তাল, খোল, ধোল বজাই নাচি বাগি ফুৰ্তি কৰিছিল। আমিও তাত আমাৰ গুৱাহাটীৰ জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰেণুকা দেবী বৰকটকীৰ জিকাৰ খবৰ পাই ফুৰ্তি কৰিছিলোঁ।
এই নিৰ্বাচনত ৰেণুকা দেৱী বৰকটকীৰ নিৰ্বাচনী প্ৰচাৰত সক্ৰিয় হৈ লাগি থকা কেইগৰাকীমান ব্যক্তিক মই চিনি পাইছিলোঁ। তেওঁলোকৰ পৰা মই গুৱাহাটী সংসদীয় সমষ্টিৰ ভিতৰত কোনে ক'ত কিমান ভোট লাভ কৰাৰ সম্ভাৱনা আছে সেই খবৰবোৰ পাই আছিলোঁ। তেওঁলোক আছিল উজান বজাৰৰ পাৰ্বতী গোস্বামী, পৌৰ নিগমৰ পানবজাৰৰ কাউন্সিলাৰ অজয় কুমাৰ দত্ত, গুৱাহাটী ক্ৰীড়া সন্থা (GSA)ৰ কোষাধ্যক্ষ গিৰীণ বৰুৱা, ডাঃ দিলীপ চক্ৰৱৰ্তী আৰু কিছু অৰাজনৈতিক লোক যিসকলে পকেটৰ ধন ভাঙি ৰেণুকা দেৱী বৰকটকীৰ হৈ প্ৰচাৰ চলাইছিল।
ভোট গণনাৰ সম্পূৰ্ণ ফলাফল চৰকাৰী ভাৱে ঘোষণা হোৱাত আৰু কংগ্ৰেছৰ শোচনীয় পৰাজয় ঘটাত অসমৰ শৰৎ চন্দ্ৰ সিংহৰ কংগ্ৰেছ চৰকাৰখনো যেন থাকিও নথকাৰ দৰে হ'ল। সকলোৱে যেন এই চৰকাৰখনৰ পতনৰ অপেক্ষাতহে মাথোঁ ৰৈ আছিল।
::x::x::x::
Disclaimer:
The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.
Comments