top of page
Search
Writer's pictureStraight from the Heart

ইয়াত এখন অৰণ্য আছিল

ছামচুল হুদা পাটগিৰি


Photo: S. H. Patgiri


ইয়াত এখন অৰণ্য আছিল, বহু হাজাৰ শতিকা জুৰি !

আকাশক ধিয়াই মই মাথোঁ নীৰৱে থিয় হৈ আছিলোঁ ।

সেউজীয়া বক্ষৰে মই তোমাক আৰু বহুতকে

মোৰ উশাহ-নিশাহবোৰ বুকুত সিঁচি দিছিলোঁ ।


ময়েই কেতিয়াবা দিহিং-পাটকাই,

কেতিয়াবা ওৰাং, চালেকি আৰু দেওমালী হৈছিলোঁ !

ময়েই কেতিয়াবা নামবৰ,

কেতিয়াবা কাজিৰঙা, নামেৰী,বুঢ়াচাপৰি

আকৌ কেতিয়াবা সোনাই-ৰূপাই,

মানাহ, চক্ৰশীলা,

আৰু কেতিয়াবা ডিব্ৰু-চৈখোৱা হৈছিলোঁ ।


মোৰ বিশালতাই কেতিয়াবা হিমালয়ৰ গগণ-চুম্বী শি

আৰু লোহিতকো বিহ্বল কৰিছিল ।


জনাৱ বিচাৰোঁ তোমাক

ময়েই একমাত্ৰ বিচিত্ৰ, জীৱিত,

সেউজীয়া জীৱাস্ম এই ধৰাত...

ময়েই বায়ু,পানী আৰু ডাৱৰৰ ভগিনী ।

ময়েই মোৰ অভ্যন্তৰৰ ডিম্বত সযতনে

কঢ়িয়াই লৈ ফুৰিছোঁ

মোৰ পূৰ্ব-সূৰী জাতিস্মৰৰ ভস্মীভূত

শৱদেহৰ বিশাল এঙাৰ সদৃশ-কয়লাৰ মৈদাম বোৰ

আৰু পনীয়া তেলৰ নৈবোৰ !


মই কথা দিলোঁ,

আমৰণ অম্লজানেৰে

তোমাক আৰু অনাগত অচিন সকলোকে

মই মোৰ নিশাহৰ সেউজীয়াবোৰ সিঁচিম ।


মোৰ অন্তেষপুৰত জিকিমিকি

এগাল জীৱিত বাখৰুৱাই আজিও সংগোপনে থাকে ।

শেষবাৰ মিনতি কৰিম,

কাবৌ কৰিম,

মোক মোৰ বক্ষ বিদিৰ্ণ কৰি আহুতি নিদিবা ।


আকৌ কৈছোঁ,

ইয়াত এখন গভীৰ সেউজীয়া জীৱিত অৰণ্য আছিল,

বহু-হাজাৰ শতিকা জুৰি...!


::x::x::x::

Poet Samsul Huda Patgiri

is one of the founder members

of GGPF. A senior Photo Journalist,

he worked with The Telegraph Northeast

for several years.


39 views

Recent Posts

See All

Comments


bottom of page