By আনমনা সন্দিকৈ
আলী কাইৰ দোকানৰ চিংৰা আৰু চাহ,
খাবলৈ গৈ চিনাকি হৈছিল দুয়ো, হেপাঁহ আৰু উশাহ৷
নাজানিছিল কি আছিল এই চিংৰা'ৰ আৰঁত,
জুটি ল'বলৈহে গৈছিল মাথোঁ একাপ চাহৰ লগত৷
আলী কাইয়েও গোপনে বহু কথা ৰাখিছিল শুনি জানি,
তেওঁ দেখিছিল সিহঁত হালৰ চকুৰে প্ৰকাশিত বাণী৷
উশাহ আছিল ৰাজঘৰৰ একমাত্ৰ জীয়ৰী,
আছিল তাইৰ সকলো, তাই যে ৰাজকুমাৰী,
মাথোঁ নাছিল তাইৰ, কোনো জীৱন লগৰী৷
উশাহে নেজানিছিল হেপাঁহ'ৰ হেপাঁহবোৰ,
তাৰ যে চাবলৈ মন আছিল দূৰ দিগন্তৰ দেশবোৰ,
পিছে নাছিল তাৰ কপালত, ৰজাঘৰীয়া সুখ বোৰ৷
এদিন কথাই কথাই শুধিলে আলী কাইটিয়ে দুইটিক,
'কিয় মিছা মিছি সপোনৰ পাল তৰিছা জীৱনৰ এই নদীত?
নোপোৱা একোকে ঘূৰাই সংগ্ৰাম নকৰি,
কেৱল পাবা তিৰষ্কাৰ, নাই যে কোনো আদৰনী,
সৰু-বৰ ভেদাভেদৰ পৰা কেতিয়াও আজৰি নহয় আমাৰ এই সমাজৰ সংস্কৃতি,
শিক্ষিত হৈয়ো যে শিক্ষিত নহয়, তেওঁলোকৰ জীৱনৰ ৰীতি৷'
'মোক লাগে কেৱল স্বাধীনতাৰ এনাজৰী', কলে উশাহে সকলো কথা শুনি;
তাই যে সহিব নোৱাৰিছিল এই ভেদাভেদৰ ৰাজনীতি৷
'ৰ'বা মোলৈ, সকলোকে হ'ৰুৱাই আহিম তোমাক নিবলে দূৰলৈ',
ক'লে হেপাঁহে হেপাঁহৰ ৰঙীন দলিছা মেলি,
কাৰণ সি নাজানিছিল মানুহক দিবলৈ মিছা প্ৰতিশ্ৰুতি৷
আলী কাইৰ দোকানৰ চিংৰা আৰু চাহ,
হৈ পৰিছিল মনৰ মিলনৰ আশা আৰু উৎসাহ৷
::x::x::x::
Poet Anmona Handique
hails from Guwahati and
currently lives in
Nagoya, Japan
Comments