অনন্ত কুমাৰ ভুঞা
কেলেংকাৰি ---
এক বহু চৰ্চ্চিত বিজতৰীয়া শব্দ,
ইয়াৰ জন্মস্থান ---
ইয়াৰ বাসস্থান ---
ইয়াৰ উৎপত্তি স্থলৰ অভিকেন্দ্ৰৰ
ৰহস্য ভেদ কৰা কঠিন,
কেচু খান্দোতে ফেটি সাপো ওলাব পাৰে।
কেলেংকাৰি
গোপনীয়তা ইয়াৰ অলংকাৰ,
নদীৰ দৰে কলা টকাৰ সোঁত বৈ যায়,
উচ্চাকাংক্ষাই বাট পোহৰাই,
লেতেৰা হয় হৃদয়
ধ্বংস কৰে সামাজিক কাঠামো।
কাৰ ঔৰসত অঙ্কুৰিত হয়
কাৰ গৰ্ভত স্থিতি লয়
কোনে প্ৰতিপালন কৰে,
এই জাৰজ সন্তানৰ তথ্য
চিকিৎসা বিশেষজ্ঞ নাইবা
ফৰেনচিক বিজ্ঞানাগাৰতো
সত্য তথ্য উদ্ধাৰ কৰাত বিমোৰত পৰে।
ধূৰ্ত্ত সকলৰ সংযোগ ঘটে,
যোগাযোগৰ নেটৱৰ্ক গঢ়ি লয়,
ৰক্ষক জনেই ভক্ষক হৈ পৰে,
গোপনীয়তা ভঙ্গ হলেই বিপদ ঘণ্টা বাজে।
ধৰা পৰিলে লেঠা লাগি যায়,
হৃদয়ত অনল জ্বলে,
ফৰিং ছিটিকা দি পলায়ন কৰিলেও
সাৰিব নোৱাৰে ,
জনতাই চিঞৰি প্ৰতিবাদ কৰে,
প্ৰচাৰ মাধ্যম উবুৰি খায় পৰে,
দোষীৰ বিপদ অনিবাৰ্য্য।
অকল নাৰী কেলেংকাৰি নহয়,
চাকৰি কিনা বেচা কৰা,
চৰকাৰী আচনিৰ ধন লুটি পুটি খোৱা,
এই বোৰ কেলেংকাৰি
সহজ লাভাংশৰ এক গোপন ব্যৱসায়।
আচনি ৰূপায়ণত বিশৃংখল,
বৃহৎ প্ৰকল্প আৱণ্টনত কমিচন
চতুৰ পদ্ধতিৰে চলে বৃহৎ ক'লা ব্যৱসায়,
নিঠৰুৱা জনতাই গমকে নাপায়।
সুবিধাভোগীয়ে চাকৰি কিনে
বেচোতা সকল চতুৰ মধ্যভোগী (দালাল),
বিষয়া বৰ্গই স্বপ্ন ৰছে
অংশীদাৰ সকলে মুনাফা লাভ,
নেতা সকলে ইচ্ছা প্ৰদান কৰে।
কেলেংকাৰি সংক্ৰমিত ব্যৱসায়,
বীজাণুৱে মন খুলি খুলি খায়,
"বেজি চোৰো চোৰ
হাতী চোৰো চোৰ,"
চুৰ কৰা মহাপাপ এই বাক্য হেৰাল,
চুৰ নকৰা জন হে পাপীৰ শাৰীত ৰ'ল।
কেলেংকাৰি কৰিব নাজানে যি
সেই জন দক্ষতা বিহীন সেইজন,
হাজাৰ কোটি টকাৰ লেটিপেটি উচ্চ স্তৰত,
মকৰা জালৰ দৰে ছানি ধৰে সমাজত,
নিম্ন স্তৰতো চলে এই ব্যৱসায়।
বিলাসী গাড়ীৰৰ ভিতৰত
অকল সোণৰ বিস্কুতেই লুকাই নাথাকে,
তাত ---
মদৰ বটল , নিচাযুক্ত দ্ৰব্য,
ক'লা টকাৰ বান্দিল,
নিষিদ্ধ ভাৱে উপাৰ্জ্জিত উপঢৌকন,
ৰনকৌশলৰ ষড়যন্ত্ৰৰ ডায়েৰি খনো থাকে।
তদন্তত দোষীক কাৰাগাৰলৈ প্ৰেৰিত হয়,
অসহ্য যন্ত্ৰণাত দিন কটাই,
বহু জনে চাকৰি হেৰুৱাই নিষ্কৰ্মা হয় ,
মাটি বাৰী বেচি উপঢৌকন দিয়া সকল
দৰিদ্ৰতাৰ কৰাল গ্ৰাসত ডুব যায়।
অপমানত বিমৰ্ষ,
হতাশাই মনক আমনি কৰে,
দূৰ্ভাগ্যই পিচে পিচে খেদে,
পৰিয়াল অনুতাপত ম্ৰিয়মাণ হয়,
সম্পদৰ তালিকা
বাতৰি কাকতৰ প্ৰথম পৃষ্টাত ওলাই।
ভোগৰ সাম্ৰাজ্য হঠাৎ খহি পৰে,
অনুতাপে দগ্ধ কৰে হৃদয়,
অনুশোচনাত মৰহি যায় মন
শৰীৰ শুকাই যায়
কাৰাগাৰ হৈ পৰে
জুৰুলা মনৰ এখনি নিঠৰুৱা ঘৰ।
অনুশোচনা ----
দামী গাড়ী গেৰেজত পচে
মূল্যবান কাপোৰ পিন্ধিবলৈ নহয়,
সম্পত্তি গলগ্ৰহ হৈ পৰে,
বেঙ্কৰ জমা টকা পৰি থাকে,
লকাৰ ছীল হয়,
দামী মবাইলটো চুবলৈ মন নাযায়,
অট্টালিকা ভুত বাংলালৈ ৰূপান্তৰিত হয়,
পোহৰো আন্ধাৰ হৈ পৰে,
ধন সম্পদে বচাব নোৱাৰে কাকো।
কাৰাগাৰৰ সাধাৰণ বিচনাত
ভীষণ যন্ত্ৰনাত
বিমৰ্ষ বেদনাৰ মন লৈ পৰি থাকে দোষী।
কেলেংকাৰি জেল যাত্ৰাৰ
অনন্য পথ,
ঐশ্বৰ্য বিভুতিয়ে জেল যাত্ৰাৰ পৰা ৰক্ষা নকৰে।
::x::x::x::
Poet Ananta Kr. Bhuyan
lives in Lakhimpur, Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments