কিশোৰ দাস
দৌৰি গৈ কেৰ্কেটুৱাটোৱে
তামোল এটাত কামুৰিবলৈ লওঁতেই
থোপাটোৰ পৰা থল থলকৈ
পাঁচটামান তামোল সৰি পৰিছিল
তামোল এটা কাটি
পূৰঠ পাণ এখিলাৰে
তাকৰকৈ চূণ লৈ
আমিও চোবাই আছিলোঁ ভণ্ড অতীত
গিলি আছিলোঁ ভণ্ড বৰ্তমান
আৰু পাগুলিয়াই আছিলোঁ ভণ্ড ভৱিষ্যৎ
ন পানীৰ মাছ যেন জীৱটো
যাওঁ যাওঁ হৈছিল চুৱাপাতনিৰ পানী পৰি
পিছল হোৱা বাটটোৰে যমৰ ভাত খাবলৈ
ধ্বজভংগ ঘটাৰ পিছত
ধ্বজদণ্ড হাতত লৈ আগুৱাই
পিছত পৃষ্ঠপ্ৰদৰ্শন কৰাতকৈ
নামাতি ৰণত জিকি
পৃষ্ঠস্তৰ মৃত্তিকাত কোৰ মাৰিবলৈ
আমি এতিয়া সাজু
শেষত নিজকে বুজাই নিজেই বুজিলো
ভলুকা বাঁহজোপাৰ তলত হোৱা বাবেই
হয়তো বাঢ়িব নোৱাৰিলে
দেউতাই ৰোৱা চেনীচম্পা কলজোপা।
::x::x::x::
Poet Kishor Kr. Das
hails from Alokpur
in Nalbari, Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments