ডা: দীপক কুমাৰ শৰ্ম্মা
সাগৰৰ ঢৌবোৰ আমি
মূৰত তুলি নললো
শিলভৰা পাহাৰখনক খোজ
কাঢ়িবলৈ নিদিলো
এজুম তৰা যেতিয়া ভিতৰলৈ সোমাই আহিল
আমি এটাইবোৰ আতৰাই পঠিয়ালো
এই বাটে তোমালোক অহাৰ কথা আছিল
আমি তোমালোকক বাৰণ কৰিলো
দুইপাশৰ ওখ অট্টালিকাৰ মাজৰ মসৃন পথেৰে
আমি বিলাসী গাড়ীৰে তোমালোকক লৈ গলো
নহলেবা তাৰ সপোন দেখুৱালো
এতিয়া অ'জ'ন স্তৰত ফুটা
ফুটা হৃদয়ৰ আকাশত
তাৰ বাবে আমি দায়ী কৰিছো তোমালোকক
প্ৰতি দিন, প্ৰতি নিশা
প্ৰতিটো পৰত, প্ৰতিটো ক্ষণত
কিয় হলা ইমান স্বাৰ্থপৰ
কিয় নসজালা বিশ্ব চৰাচৰ
অসুখ হোৱা পৃথিৱীৰ কাষলৈ নাহিলে
আমি তোমালোকক দোষাৰোপ কৰো
শিলৰ পাহাৰবোৰক সেউজীয়া বসন নিপিন্ধালা বুলি
বাৰে বাৰে ককৰ্থনা কৰো
সাগৰৰ ঢৌবোৰক সাৱটি নললা বুলি
তোমালোকক ভেঙূচালি কৰো
নামি অহা তৰাৰ জাকক চিনি নাপালা বুলি
আমি হুমুনিয়াহ কাঢ়ো
অথচ আমিয়েই আছিলো তোমালোকৰ
দিক নিৰ্ণায়ক
আমিয়েই তোমালোকৰ কান্ধত উঠাই দিছিলো
আৰব্য উপন্যাসৰ
সেই লোভী পথিকক
কোনে তোমালোকক শিকাইছিল
আজুৰি আনা, আজুৰি আনা
কেৱল আজুৰি আনা
আজুৰি আনোতে আনোতে
হেৰাই যাওক জুৰি
হেৰাই যাওক গীত
আকাশ, বায়ু, ভূমি
হেৰাই যাওক সুৰৰ তৰী
জীৱ জন্তু, মানুহ, গছ গছনি
আই পিতাই, ভাই ভনী
মিতিৰ কুটুম, সখা সখী
সকলো তৰীত সামৰি
তোমালোকৰ মনৰ আকাশত
আমিয়েই কলুষতা সানিছো
সৰল পৃথিৱীৰ পৰা
এক জটিল পৃথিৱীলৈ
আমিয়েই তোমালোকক লৈ আহিছো
নহলে কোৱা কিদৰে যাত্ৰাপথত ভ্ৰষ্ট হৈ পৰে
কলুষ হৈ নিস্কলুষ শিশু
ক্ৰুছ ধাৰণ কৰিব লাগিব বুলি
আতৰাই পেলায় মনৰ মাজৰ যীশু
আহক
পৃথিৱীৰ সকলো ভাৰ সহি
আমি শিশুহতৰ ক্ষমাপ্ৰাৰ্থী হও
সিহতৰ ভিতৰৰ পোহৰত আমি জিলিকি উঠো
সিহতৰ পৃথিৱীক আমি আলফুলে জীয়াই ৰাখো
সিহতৰ উৎস হৈ
সিহতৰ বাবে
জোনাকভৰা বাট বান্ধো
ঘাটলৈ বঠা বাই বাই লৈ আহো
ৰঙ বিৰঙী ময়ূৰপঙ্খী নাও,
সিহতক বুকুত আকোৱালি লও
প্ৰেম পীৰিতিৰে ভৰপূৰ
সেন্দুৰীয়া আলি দেখুৱাও।
প্ৰতিজন শিশুৱেই প্ৰহ্লাদ
বিষ্ণু যাৰ ৰক্ষক,
প্ৰতিজন শিশুৱেই নচিকেতা
প্ৰশ্ন কৰে যি যমক।
.....................
[ টোকা: শিশু দিৱস উপলক্ষ্যে ]
::x::x::x::
Poet Dr. Dipak Kr. Sarma
is working as Professor of Surgery
and HoD, Emegency Medicine
Guwahati Medical College & Hospital
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
コメント