জুলী কোচ
ঠেঁতুৱৈ ধৰা জাৰে ৰাতিটো কুটি কুটি খোৱাৰ পৰত
বৃদ্ধ দম্পতিহাল গভীৰ নিদ্ৰাত নিথৰ হৈ পৰি থাকে
অজগৰ যেন চেঁচা দীঘল পুঁহমহীয়া ৰাতিবোৰ
বাগৰ এটি নসলোৱাকৈ কেনেকৈ শুই পৰে দুয়ো
অভিনয়ত যেন ইজনতকৈ সিজন পাকৈত
কৃত্ৰিম বতাহ এজাকে উমাল কৰি ৰাখে সুবৃহৎ কোঠাটো
দামী মখমলৰ কাপোৰ দুখন মেৰাই
সন্ধিয়াৰ পিছতেই দুয়ো সংগী কৰি লয় বিচনাখনকে
জুই পুৱাবলৈ ভয়
জানোচা বৃদ্ধ হাতৰ কঁপনিত কিবা অঘটন ঘটে
বিজুলী বতাহকণে যে পূৰাব নোৱাৰে
জুই পুওৱাৰ আমেজ
পুতেকহঁতৰ মৰমে নুবুজে এই যন্ত্ৰণা
মৰমৰ জানো বিকল্প থাকে
দুয়োৰে হুমুনিয়াহবোৰ চাৰিবেৰত ঠেকা খাই
শুকান হৈ পৰে
পুৱাৰ কুহুমীয়া বেলিৰ উমকণ কিন্তু
দুয়ো একেলগে ভগাই লয়
চল্লিছ বছৰীয়া অভ্যাস এৰিব নোৱাৰা
দূৰাভাষত ভাঁহি অহা এটি এটি কৈ তিনি সন্তানৰ চুটি চুটি বাৰ্তালাপতে
দুয়োয়ে দিনটোৰ কৰণীয়খিনিৰ বাবে
দেহ মনত জোৰ অকণ আঁতি লয়
আক্ষেপ কৰিবলৈ একো নাই
নিজ হাতেৰে গঢ় দিছে সিহঁতক
সপোন দেখিবলৈ শিকালে
সপোন পূৰাবলৈ শিকালে
শিকোৱাৰ দৰেই শিকিছে সিহঁতে
সেইবাবেই দেশ বিদেশ ঘূৰি ব্যস্ততাৰ মাজতো
দুয়োলৈ বুলি জাৰৰ দিনৰ উমকণো কিনি আনি দিছে
দিনটো ভিতৰে বাহিৰে কোনোমতে পাৰ হয়
আকৌ সেই একেই ৰাতি
নিটাল নিস্তব্ধ
চেঁচা লাগি আহে দুয়োৰে, ৰাতিটো পাৰ কৰাৰ ভয়ত
ইমান দীঘল ৰাতি
বিচনাত পৰি দুয়ো অনুভৱ কৰিবলৈ চেষ্টা কৰে
বেৰত আঁৰি থোৱা পুতেকহঁতৰ মৰমৰ উম অকণ
নাই বেছিকৈ চেঁচা লাগি আহে
হঠাতে বৃদ্ধজন উঠি বহি পৰে
হেৰা...আঁহাচোন ওচৰলৈ
কথাকে পাতো
কি কথা?
এনেই আৰু...
একেখন বিচনাতে বহি
কথাৰ আঁত বিচাৰি
দুয়ো ক্ষন্তেকৰ বাবে মৌন হৈ পৰে
আৰু মৌনতাৰ সেই সময়কণেই যেন দুয়োকে মনত পেলাই দিয়ে
চল্লিছ বছৰ পুৰণি এনেকুৱা জাৰৰ দিনবোৰ
উমাল কৰি তোলা প্ৰেমৰ আলিংগনবোৰলৈ
বহুদিনৰ মূৰত দুয়ো খোলাকৈ হাঁহে
আমাৰনো বয়স হৈছে কিমান
আশীলৈ এতিয়াও বাকী আৰু দুটা জাৰৰ...
::x::x::x::
Poet Julee Koch
lives in Nazira, Sivasagar, Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments