ৰঞ্জন কুমাৰ বৰুৱা
অনুমতি দিলে ক'ব পাৰো
এটা বিধংসী ঘূণি'বতাহৰ কথা
এই যে কালৰূপ ধৰি খেদি আহিছিল
এদিন অমাৱশ্যাৰ নিশাত,
তচনচ কৰি গ'ল হ্নদয় আকাশ
আশ্ৰয়হীনতাত চকুৰ পানী চকুতে শুকাইছিল
বৰ যন্ত্ৰণাময় নিসংগ নিশা।
নিসংগ তৰা, নিসংগ নিশা
এচপৰা কলীয়া ডাৱৰ পাৰ হৈ যায়!
অন্ধকাৰত ডুব গ'ল
তৰালী আকাশ
হয়তু মুষলধাৰে বৰষূণ আহিব,
নিশাটো আৰু নিসংগ হ'ব।
শূন্যতাই গ্ৰাস কৰি আনিছে ক্ৰমান্বয়ে
আতুৰত প্ৰাণপনে চিঞৰিছো
শুনিছানে তুমি?
হয়তু শুনিছা,
নুশুনিবও পাৰা,
কাৰণ শূন্যতাত হেৰাই যায় শব্দ,
দুধাৰি চকুলো নিগৰিছে
তেজৰ দৰে ৰঙা
বৰ যন্ত্ৰণাময় নিসংগ নিশা।
::x::x::x::
Poet Ranjan Kr. Barua
works at Govt. of Assam
and lives in
Bihpuria, Lakhimpur, Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments