ৰিঞ্জু বৰুৱা ফুকন
(Photo: Arunudoy Choudhury)
আন্ধাৰত সমূদ্ৰৰ জলৰাশিৰ
নগ্নতা দেখিও
নিনাদিত হোৱা নাছিল
আকাশৰ স্তব্ধতা
ৰমৰমীয়া জুই একুৰা বুকুত সামৰি
জনাকীৰ্ণ নগৰৰ ওপৰেৰে
চুঁচৰি আহে জোনাকৰ বেলি
পাখিত জেতুকা সনা কাউৰী এজনীৰ দৰে
শূণ্যতাই সপ্তম স্বৰেৰে গিলি থয়
দূপৰৰ ৰ'দ
টুকুৰা-টুকুৰকৈ ভাগি পৰে নিস্তব্ধ বতাহ!
নিজৰ শ কঢ়িয়াই ভাগৰি পৰা
মানুহৰ দৰেই
নি:সঙ্গ আৰু অসহায়
দু:সহ সময়
সেউজীয়াবোৰ নোহোৱা হোৱাৰ পৰাই
মাছবোৰ দৰক লাগিছে
এছিদ বৰষুণত তিতি
উলংগ গছবোৰৰ পানীলগা জ্বৰ
বতাহ বলিবলৈও ভয় কৰা
নিমাত-নিতাল উদাসী সন্ধ্যা
এজনী বোবা চৰাইৰ দৰে
মৃত গছৰ ডালত
বহি আছে
কোলাহলমুখৰ অস্থিৰ নীৰৱতা...।
::x::x::x::
Poet Rinju Barua Phukan
is a passionate storyteller,
a mother and a homemaker.
She lives in IOCL Barauni Refinery
Qrtr. Complex, Begusarai
[Disclaimer: The opinions / views expressed in our Blog are those of the author / poet and do not reflect the opinions of the Publisher]
Comments