Poem by চম্পক ভট্টাচাৰ্য্য
"সৰুতে সোদ্দাইদে জাখে বৈ দিছিলি পুৱান মাছ মাৰিবাক লাগি নালও..." প্ৰথম বাইঢ়া জাখেবাবা নাজবিদে নিৰুমাই। নামেৰবি সিন্দুইৰা পুঠি। পেউতা শিংৰাৰো থাকে তোৰ দৰে চ'লি
ভৰা সংসাৰোৰ সপান। প্ৰথম বাইঢ়াত জাখেবাবা নাজবিদে, নিৰুমাই তোৰ মৰাদতুই তোক এৰি যাউতে তোৰ অন্তাৰে কাইনছিল যেঙ্কে, তোৰ চ'লিটু হৰালি তই পাগলা গৰু ঘুৰাদি ঘুৰাহ যেঙ্কে মাছেও সেঙ্কে কান্দেয়ে, নিৰুমাই আমিহে নুবজু। মাছোৰো মান্হুৰ নেচনাই কোইলজা আছে তান্থেও বুক ধাউকৃ কান্দে, আমিহে নেদখু । প্ৰথম বাইঢ়া জাখেবাবা নাজবিদে, নিৰুমাই। ভোগীক লেগি ভোগোৰ জন্মো বাৰাকদে মাছোৰ বংশো। ভৰাবাইৰহা আইভো যেইত্তা পথাৰ ভ'ৰি মাছে নাইচপো তেইত্তা। জাখে মাৰি কোক্ ভৰাবি কোক ভৈইল্লি ঘৰোক যাবি। বদ্ ধিচু প্ৰথম বাইঢ়া জাখেবাবা নাজবিদে নিৰুমাই।
::x::x::x::
Poet Champak Bhattacharjya
lives in Mohthali village
in Bagurihati, Nalbari, Assam
Kommentare