top of page
Search
Writer's pictureStraight from the Heart

বিশেষভাৱে সক্ষম শিশুৰ বিকাশ: অভিভাৱকৰ কৰণীয়

গীতিমা দে‍‍‍‌‌ৱী



এজন শিশুৰ বয়স অনুপাতে হ'বলগীয়া শাৰীৰিক আৰু মানসিক বিকাশত যদি বিলম্ব বা বিসংগতি দেখা যায়, তেন্তে সেই শিশুজন বিশেষ প্ৰয়োজনসম্পন্ন বা বিশেষভাৱে সক্ষম বুলি বিবেচনা কৰাৰ অৱকাশ থাকে। এনে শিশুৰ বিকাশত অৰিহণা যোগাবলৈ বহুতো শিক্ষণ- প্ৰশিক্ষণ সংস্থা তথা কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও এনে বিকাশৰ ক্ষেত্ৰত পিতৃ - মাতৃ অথবা অভিভাৱকৰ সক্ৰিয় অৱদানৰ গুৰুত্ব অনস্বীকাৰ্য।

শিশুৰ বিকাশৰ শিথিল ধাৰা চিনাক্ত কৰিবলৈ হ'লে স্বাভাৱিক বিকাশৰ কেইটিমান মুখ্য স্তৰ লক্ষ্য কৰাটো অতি আৱশ্যকীয়। এনে কেইটিমান স্তৰ তলত উল্লেখ কৰা হ'ল:


(ক) আনলৈ চাই হঁহা (social smile): ৩ মাহ

(খ) দৃষ্টি যোগাযোগ কৰা (making eye contact): ৩ মাহ

(গ) ডিঙিটো পোন কৰা ( head steady): ৬ মাহ

(ঘ) নিজে হাতত লৈ থকা বস্তুৰ লগত খেলা ( playing with objects in hand): ৬মাহ

(ঙ) বাগৰ সলোৱা ( rolling over): ৭ মাহ

(চ) অৰ্থহীনভাৱে নিজে নিজেই কথা কোৱা ( babbling): ৭মাহ

(ছ) কাৰো সহায় নোলোৱাকৈ বহা (sitting independently): ৯ মাহ

(জ) প্ৰথম শব্দ কোৱা ( first word): ১১মাহ

(ঝ) কাৰো সহায় নোলোৱাকৈ ঠিয় হোৱা ( standing independently): ১ বছৰ

(ঞ) আনৰ সহায়ত খোজকঢ়া ( walking with support): ১বছৰ

(ট) কাৰো সহায় নোলোৱাকৈ খোজকঢ়া ( walking without support): ১৪- ১৫ মাহ


যদিহে ওপৰোক্ত স্তৰসমূহৰ বিকাশত বিলম্ব হোৱা দেখা যায়, তেতিয়া পিতৃ- মাতৃকে ধৰি গোটেই পৰিয়ালটিৰ বাবেই এটা অবিশ্বাস্য, অসহনীয় পৰিস্থিতিৰ সৃষ্টি হয়। স্বাভাৱিকতেই নিজ সন্তানৰ ক্ষেত্ৰত এনে বিলম্ব মানি লোৱাটো টান হৈ পৰে। শিশুজন একেবাৰে ঠিকেই আছে বুলি আনৰ আগত প্ৰমাণ দিবলৈ অহোপুৰুষাৰ্থ কৰাও দেখা যায় পৰিয়ালৰ সদস্যসকলক। সামাজিক অনুষ্ঠানসমূহত তেওঁলোকৰ অংশগ্ৰহণ বা উপস্থিতি কমি আহে। কৰবালৈ গ'লেও বহুত পিতৃ- মাতৃয়ে এনে শিশুক লগত লৈ যাবলৈ মন নকৰে সমাজৰ ভয়ত। কিয়নো পৰিয়ালত এনে শিশু থকা বাবে তেওঁলোকে সমাজৰ বহু মানুহৰ অবাঞ্ছিত প্ৰশ্ন, কৌতুহল আৰু পুতৌৰ সন্মুখীন হ'বলগীয়া হয়। ইয়ে পৰিয়ালটোৰ জীৱনধাৰাত নেতিবাচক প্ৰভাৱ পেলায়।


এনে পৰিস্থিতিত সোঁতৰ বিপৰীতে গৈ হতাশ নোহোৱাকৈ থকা আৰু বিশেষ প্ৰয়োজনসম্পন্ন শিশুজনৰ সামগ্ৰিক বিকাশত মনোযোগ দিবলৈ পিতৃ- মাতৃ বা সংশ্লিষ্ট অভিভাৱকৰ যথেষ্ট সৎ সাহসৰ প্ৰয়োজন হয়। তেখেতসকলে এনেধৰণে আগবাঢ়িব পাৰে:


(ক) শিশুজনৰ শাৰীৰিক/ মানসিক অৱস্থাটো সঁচা বুলি মানি লোৱা উচিত।

(খ) সামাজিকভাৱে পোৱা ছাপ(social stigma)ৰ বাবে লজ্জাবোধ কৰা অনুচিত।

(গ) নিজকে নাইবা শিশুজনক এলাগী কৰিব নালাগে।

(ঘ) সহায় কৰিব পৰা কোনো গোট বা অনুষ্ঠানৰ লগত জড়িত হোৱা উচিত।


অন্যধৰণে সক্ষম শিশুৰ পিতৃ- মাতৃ আৰু অভিভাৱকসকলে কিছুমান কথা বিশেষভাৱে বুজি লোৱা প্ৰয়োজন। কিয়নো ব্যৱহাৰিক জীৱনত অতিকৈ গুৰুত্বপূৰ্ণ এনেবোৰ কথাৰ অজ্ঞতাই আমাৰ অজানিতে শিশুৰ বিকাশৰ ধাৰাটো বাধাগ্ৰস্ত কৰিব পাৰে। যেনে,

(ক) শিশুজন আন শিশুতকৈ বেলেগ, হীন নহয় ( He/ she is different, not less): মানি লওক যে শিশুজন আপোনাতকৈ কোনো ক্ষেত্ৰতে হীন নহয়, মাথো তেওঁৰ কোনো এটা কাম কৰাৰ ধৰণটোহে আপোনাতকৈ পৃথক।

(খ) সমস্যাখিনি বুজি পাওক, সহানুভুতি নেদেখুৱাব (feel the empathy, not sympathy): শিশুজনৰ শাৰীৰিক বা মানসিক বাধাগ্ৰস্ততাৰ অৱস্থাটোত নিজকে স্থাপন কৰি অনুভৱ কৰক সীমিত কাৰ্যক্ষমতাৰে আপুনি কোনো এটা কাৰ্য কিদৰে সম্পন্ন কৰিব। উদাহৰণস্বৰূপে, যদিহে শিশুটি শ্ৰৱণ বাধাগ্ৰস্ত হয়, তেন্তে ভাবি চাওক আপুনি নিজে শ্ৰৱণ বাধাগ্ৰস্ত হ'লে আনে কৈ থকা যিকোনো এটা কথা/ বিষয় কেনেদৰে বুজি পাবলৈ চেষ্টা কৰিব। একেই ধৰণে শিশুজনকো বুজাবলৈ চেষ্টা কৰক। শ্ৰৱণ বাধাগ্ৰস্ততাৰ ক্ষেত্ৰত আকাৰ- ঈঙ্গিত বা চিহ্নৰ সহায়েৰে বুজোৱাটো উজু হ'ব।

(গ) জৈৱিক বয়সক অগ্ৰাধিকাৰ দিয়ক, মানসিক বয়সক নহয় ( consider his/ her biological or chronological age, not the mental age): শিশুৰ বয়স অনুপাতে তেওঁক কৰ্ম নিৰ্দেশনা দিয়ক। যদি তেওঁ অপাৰগতা প্ৰকাশ কৰে, তেন্তে সহায় কৰক, কিন্তু তেওঁক খং নকৰিব বা গালি নাপাৰিব। উদাহৰণস্বৰূপে, ৭ বছৰীয়া শিশুজনক এগিলাচ পানী আনিবলৈ ক'লে যদি তেওঁ জগৰপৰা গিলাচত পানী বাকি লোৱা কামটোত অপাৰগতা প্ৰকাশ কৰে, তেন্তে সেইখিনি কাম আপুনি কৰি শিশুজনক পানীগিলাচ কঢ়িয়াই আনিবলৈ দিয়ক। জুই অথবা বিজুলীৰ প্ৰয়োগ হ'বপৰা কাম কৰিব নিদিয়াটো ভাল।

(ঘ) দৈনন্দিন কামকাজত তেওঁক অন্তৰ্ভুক্ত কৰক ( seek his involvement in daily life activities): ঘৰুৱা কামকাজত শিশুজনক অন্তৰ্ভুক্ত কৰোৱাটো অতি আৱশ্যকীয়। তেওঁৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি দৈনন্দিন কামকাজত নিয়োজিত কৰিলে শিশুজনে নিজকে পৰিয়ালটোৰ গুৰুত্বপূৰ্ণ সদস্য বুলি অনুভৱ কৰাৰ লগতে কামত তেওঁৰ পাৰদৰ্শিতা বৃদ্ধি হয়।

(ঙ) স্বতন্ত্ৰভাৱে কৰিব পৰা কামত সহায় নকৰিব ( no more help when independent): যেতিয়াই আপোনাৰ শিশুজনে কোনো এটা কাম স্বতন্ত্ৰভাৱে কৰিব পৰা হ'ব, তেতিয়া সেই কামত সহায় নকৰিব, মাথো কৰিবলৈ নিৰ্দেশহে দিব। লক্ষ্য ৰাখিব যেন তেওঁ ভুলকৈ নকৰে।

(চ) কৰ্তব্য ন্যস্ত কৰক (assign duties): শিশুজনে স্বতন্ত্ৰভাৱে কৰিব পৰা কামখিনি কৰিবলৈ প্ৰতিদিনেই নিৰ্দেশ দিব যাতে সেইখিনি কাম নিতৌ কৰাটো তেওঁৰ অভ্যাসত পৰিণত হয়।

(ছ) সহায় কৰি থকা সময়ত কামটো বুজাই দিয়ক ( explain when you are helping): নিজে কৰিব নোৱাৰা কামটোত শিশুজনক সহায় কৰি দিয়ক। এইখিনি সময়ত তেওঁক কাষত বহুৱাই লৈ আপুনি কেনেদৰে কৰি আছে সেয়া বুজাই কওঁক। উদাহৰণস্বৰূপে, পীলাৰ (peeler) ব্যৱহাৰ কৰি আলুৰ বাকলি গুচোৱা কামটোত শিশুটিক কাষত বহুৱাই লৈ আলুটো আৰু পীলাৰখন কিদৰে ধৰিছে, পীলাৰখন কিদৰে আলুটোৰ ওপৰেৰে চোঁচোৰাই টানি আনিছে, এনেবোৰ কথা বৰ্ণনা কৰিলে শিশুজন উপকৃত হ'ব। ছুৰী, কটাৰী আদিৰ ব্যৱহাৰ শিকাওতে যথেষ্ট সাৱধানতা অৱলম্বন কৰা বাঞ্ছনীয়।

(জ) আপোনাৰ সন্তানটিক সময় দিয়ক ( give time to your child): নিজৰ ব্যস্ত কৰ্মসূচীৰপৰা কিছুসময় উলিয়াই শিশুজনৰ লগত খৰচ কৰক। তেওঁ বুজি পোৱা আৰু তেওঁৰ বাবে আমোদজনক হোৱাকৈ কোনো সাধুকথা বা ৰুচিসন্মত কৌতুক ক'ব পাৰে।

(ঝ) শিশুজনৰ লগত কথা পাতক ( talk to the child): শিশুজনৰ লগত কথা পতা আৰু তেওঁৰ লগত আনন্দিত হোৱাটো খুব জৰুৰী। ইয়ে শিশুজনৰ ভিতৰত ইতিবাচক পৰিৱৰ্তন আনে।


যদি আমি ব্যৰ্থ হৈছোঁ বুলি অনুভৱ কৰোঁ:


(ক) সাধাৰণতে দেখা যায় যে বিশেষ প্ৰয়োজনসম্পন্ন যিসকল শিশুৱে আনুসংগিক সমস্যাৰ বাবে দৰৱ সেৱন কৰি থাকে, তেওঁলোকৰ টোপনিৰ ভাৱ হৈ থাকে আৰু যিকোনো কামৰে গতি মন্থৰ হয়। কোনোধৰণৰ হেঁচাই তেওঁলোকক তৎপৰ কৰিব নোৱাৰে। খুব মৰমেৰে কৈ তেওঁক নিজে কৰিব পৰা ঘৰুৱা কামত লগোৱা উচিত যাতে তেওঁ অসময়ত নুশুৱে বা বহি বহি সময় নকটায়।

(খ) সমস্যাযুক্ত ব্যৱহাৰ প্ৰদৰ্শন কৰা শিশুক এনে ব্যৱহাৰৰপৰা বিৰত থাকিবলৈ ক'লে খং উঠে। তেনেক্ষেত্ৰত, সংশ্লিষ্ট ব্যৱহাৰটোৰপৰা আঁতৰত ৰাখিবলৈ তেওঁক আন কামত নিয়োজিত কৰাটো বাঞ্ছনীয়। উদাহৰণস্বৰূপে, পীলাৰ (peeler) ব্যৱহাৰ কৰি পাচলিৰ বাকলি গুচোৱা আৰু তাৰপিছত পাচলিখিনি ধোৱা কামটোৱে শিশুজনক 'নখ কামুৰি থকা ' কামটো কৰাৰপৰা আঁতৰত ৰাখে।


বিশেষ প্ৰয়োজনসম্পন্ন শিশুক ডাঙৰ দীঘল কৰোঁতে পিতৃ- মাতৃ আৰু অভিভাৱকসকলে নিম্নলিখিত কথাকেইটা বিশেষভাৱে মনত ৰখা উচিত:


(ক) আপুনি অকলশৰীয়া নহয়: আপোনাৰ ওচৰে পাজৰে আপোনাৰ সন্তানটিৰ নিচিনা শিশু থকা আন পৰিয়ালো আছে। নিজকে সেয়ে অকলশৰীয়া বুলি অনুভৱ নকৰিব।

(খ) বিশেষভাৱে সক্ষম হ'লেও শিশুজনেও মৰম পাব বিচাৰে: শিশুজনক মৰম কৰক আৰু তেওঁৰ যত্ন লওক। সামাজিক অনুষ্ঠান আদিত তেওঁক লগত লৈ যাওক যাতে এনে পৰিৱেশৰ স'তে চিনাকি হ'ব পাৰে।

(গ) শিশুজন নিখুঁট আৰু পাৰদৰ্শী নোহোৱাটো একো ভুল কথা নহয়: আমি সকলোৱেই বিভিন্ন ক্ষেত্ৰত ভুল কৰাটো স্বাভাৱিক। সেয়েহে যিকোনো ক্ষেত্ৰতে শিশুজনে কৰা ভুলবোৰক সহজভাবে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক।

(ঘ) তেওঁ এজন 'ছুপাৰহিৰ'( super hero): আপোনাৰ সন্তানটিয়ে কৰা ভাল কামবোৰ বা তেওঁৰ ভাল ব্যৱহাৰবোৰ চিনাক্ত কৰক। তেওঁ কৰা প্ৰতিটো শুদ্ধ পদক্ষেপৰ বাবে তেওঁক উৎসাহিত কৰাটো খুব দৰকাৰী।

(ঙ) তেওঁৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ক: যদি শিশুটোৱে কোনো কথা জানিবলৈ উৎসুক হয়, তেন্তে খং কৰাৰ পৰিৱৰ্তে তেওঁ বুজি পোৱাকৈ প্ৰশ্নটোৰ উত্তৰ দিয়া উচিত। উদাহৰণস্বৰূপে, কোনো এজন আগন্তুকৰ পৰিচয় জানিব বিচাৰিলে তেওঁক সাধাৰণভাৱে আগন্তুকৰ লগত পৰিচয় কৰাই দিব পাৰে যাৰ ফলত ভৱিষ্যতে সেই ব্যক্তিজন আহিলে শিশুজনে নিজেই আপোনাক তেখেতৰ আগমনৰ বিষয়ে জনাব।

(চ) খেলসুলভ থেৰাপী: যদিহে বিশেষভাৱে সক্ষম শিশুজনে দৈনিক/ সাপ্তাহিক ভিত্তিত থেৰাপী গ্ৰহণ কৰে, তেন্তে থেৰাপী চলি থকা সময়ত থেৰাপিষ্টজনে তেওঁৰ লগত হাঁহি মাতি কথা পাতি থাকিলে শিশুজনৰ বাবে থেৰাপীৰ সময়ছোৱা আনন্দদায়ক হৈ পৰিব।

(ছ) থেৰাপীসুলভ খেল: শিশুটিৰ ব্যায়াম অথবা থেৰাপীজনিত প্ৰয়োজনখিনি পূৰাব পৰাকৈ সহবিদ্যায়তনিক কাৰ্য বাছনি কৰাটো যুগুত। উদাহৰণ হিচাবে, নচা কাৰ্যটোৱে শিশুটোৰ শাৰিৰীক গতিবিধিৰো উন্নতি সাধন কৰে।

(জ) নিজকে হেৰুৱাই নিদিব: বিশেষভাৱে সক্ষম শিশুৰ পিতৃ মাতৃ বা অভিভাৱক হোৱাটোৱেই আপোনাৰ সম্পূৰ্ণ পৰিচয় নহয়। সেয়েহে অকলশৰীয়া অনুভৱ নকৰিব। আপোনাৰ শুভাকাংক্ষী আৰু আপোনাক ভালপোৱা মানুহ সমাজত বহুত ওলাব।

(ঝ) সফলতাবোৰ উদযাপন কৰক: শিশুজনে স্বতন্ত্ৰভাৱে কৰিব পৰা প্ৰতিটো কাৰ্যৰ বাবে আনন্দিত হওক আৰু আপুনি আনন্দিত হোৱা কথাটো শিশুজনে উপলব্ধি কৰাটো নিশ্চিত কৰক। ইয়ে তেওঁক যথেষ্ট উৎসাহ দিব।

(ঞ) আওপুৰণি ভাৱধাৰাৰ মন্তব্যৰে প্ৰভাৱিত নহ'ব: সমাজত সদায় এনে এচাম মানুহ থাকে যিয়ে আপোনাৰ সন্তানটিৰ শাৰিৰীক বা মানসিক অৱস্থাৰ উদ্ধৃতি দি বহুতো নিৰাশাজনক কথা আপোনাক কয়। তেনেক্ষেত্ৰত নিজৰ চিন্তা আৰু আৱেগক সম্বৰণ কৰি এনেধৰণৰ কথাবোৰ মনৰপৰা জোকাৰি পেলোৱাটোৱেই উত্তম উপায়।

(ট) তুলনা নকৰিব: প্ৰতিজন শিশুৱেই একোটা একক, স্বকীয় পৰিচয় ডাঙি ধৰে। সেয়েহে কোনো ক্ষেত্ৰতেই এজনক আন এজনৰ লগত তুলনা কৰা অনুচিত। তুলনা সদায়ে নিৰাশাজনক আৰু ই নতুনত্বক কেতিয়াও প্ৰাধান্য নিদিয়ে।

(ঠ) আপুনি 'অমুকৰ পিতৃ/ মাতৃ ' হোৱাৰ প্ৰয়োজন নাই: বিশেষ প্ৰয়োজনসম্পন্ন শিশু এজনৰ পিতৃ বা মাতৃ হোৱা বাবে আপুনি নিজকে দুৰ্ভগীয়া বুলি নাভাবিব। সচৰাচৰ 'স্বাভাৱিক ' বুলি গণ্য কৰা শিশু এজনে ডাঙৰ হৈ অহাৰ লগে লগে কৰি গৈ থকা ভুলবোৰৰপৰা হোৱা মানসিক যাতনাৰপৰা আপুনি এতিয়াও শতযোজন দূৰৈত আছে।

(ড) প্ৰতিজন সন্তানকেই সমজ্ঞান কৰক: বিশেষভাৱে সক্ষম শিশুজন নিৰাশ হ'বপৰা কোনো কাম বা মন্তব্য কৰাৰপৰা বিৰত থাকক। জীৱনএটা তেওঁৰো প্ৰাপ্য। খাদ্য, কাপোৰ, ফুৰা- চকা- এইবোৰত সমানেই ভাগ দিয়ক আটাইকেইজনকে। উদাহৰণস্বৰূপে, আপোনাৰ আনকেইজন সন্তান কোনো শিক্ষামূলক ভ্ৰমণত যোৱা সময়ত বিশেষভাৱে সক্ষম সন্তানটিক আপুনি চিৰিয়াখানা দেখুৱাবলৈ নিব পাৰে।


সামৰণিত ক'ব পাৰি যে আত্মসহায়েই সৰ্বোৎকৃষ্ট সহায় (self help is the best help)। পৰিয়ালত বিশেষভাৱে সক্ষম শিশুজনৰ উপস্থিতিক প্ৰতিজন সদস্যই ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰি তেওঁৰ সামগ্ৰিক উন্নতিৰ বাবে চেষ্টা কৰা উচিত। ইয়াৰ বাবে প্ৰয়োজনীয় সহায়, প্ৰশিক্ষণ অথবা শিশুজনৰ বিশেষ শিক্ষাৰ (special education) বাবে সংশ্লিষ্ট অনুষ্ঠান বা ব্যক্তিৰ লগত অনতিপলমে যোগাযোগ কৰিব লাগে। শিশুজনৰ অৱস্থাটোৰ বিষয়ে অৱগত হৈ যিমান সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়, সিমানেই ভাল ফল আশা কৰিব পাৰি।


উপৰোক্ত আলোচনাটিত আগবঢ়োৱা কথাখিনি তেনেই সাধাৰণ আৰু সৰল যদিও বাস্তৱত কেইটা পৰিয়ালত এই কথাখিনি মানি চলা হয়, সেইটোহে গুৰুত্বপূৰ্ণ বিষয়। শ্ৰদ্ধেয় পিতৃ- মাতৃ আৰু অভিভাৱকসকল, 'হলা গছত আটায়ে বাগী কুঠাৰ মাৰে ' বোলা কথাষাৰিৰ মৰ্ম উপলব্ধি কৰাৰ সময় সমাগত। আপোনালোকে নিৰাশ নহৈ নিজৰ বিশেষভাৱে সক্ষম সন্তানজনক আগবঢ়াই নিবলৈ যদি অহোপুৰুষাৰ্থ কৰে, তেন্তে আন দহজনৰ কটাক্ষ আৰু তিৰ্যক উক্তিয়ে কেতিয়াও আপোনাৰ সন্তানৰ উন্নতিত বাধা দিব নোৱাৰে।


::x::x::x::


 

Author Geetima Devi is a rehabilitation professional. Besides her area

of practice, i.e. special education, Geetima harbours and nurtures a keen desire for creative

writing like poetry and short stories and articles relating to issue of special needs and academics of the Divyangjan. She lives in Secunderabad.



[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

107 views

Recent Posts

See All

Comments


bottom of page