প্ৰণৱ শৰ্মা
(দ্বিতীয় খণ্ড)
মই ঘৰত কাম আছে বুলি কৈ সকলোৰে পৰা বিদায় লৈ লাহে লাহে মোৰ অভিযন্তা বন্ধুজনৰ ঘৰলৈ আগ বাঢ়িলো৷ মোৰ মনটো কিন্তু ফৰকাল৷ কোনো ষষ্ঠ ইন্দ্ৰিয়ৰ ক্ৰিয়া অনুভব হোৱা নাই৷ নিশ্চয় তেওঁ ভালে আছে৷ কিন্তু মোৰ ঋণাত্মক ভাবটোৱে বাৰে বাৰে খুন্দিয়াই আছে৷ কিবা এটা যেন হৈছে৷ লাহে লাহে বিল্ডিংটোৰ তল পালোহি৷ তেখেত পঞ্চম মহলাত থাকে৷ বিল্ডিংটো বৰ ধুনীয়া৷ পূৱ ফালে এখন ধুনীয়া পাৰ্ক৷ মালীয়ে বৰ চিকুনাই ৰাখিছে৷ পাৰ্কখনৰ মাজতে সৰু লৰা-ছোৱালীৰ কিছু খেলৰ যতন৷ চাৰিওপিনে বহিবলৈ লোহাৰ বেঞ্চ৷ ইতিমধ্যে খবৰ কাকত সমুহ আহি পাইছে৷ কিছু আদবয়সীয়া লোকে বেঞ্চত বহি কাকত সমুহত চকু ফুৰুৱাত ব্যস্ত৷ ময়ো মোৰ বন্ধুজনক পাম বুলি জুঁমি জুঁমি চালো৷ কিন্তু নেদেখিলো৷ মোৰ ঋণাত্মক ভাব বোৰে বৰ বেছিকৈ খুন্দিয়াবলৈ ধৰিলে৷ এজন ইমান উচ্চ পদস্থ বিষয়া, বিভিন্ন বাতৰি কাকত পঢ়িবৰ কাৰণে আনৰ বাতৰি কাকত কঢ়িয়াই আনে, তেনে এজন মানুহক বাতৰি কাকতৰ মেলাৰ মাজত নেদেখি আচৰিত হলোঁ৷ ভয়তে কাকো একো নুসুধিলো৷ সুৰক্ষা কৰ্মীৰ পৰা আগন্তুকৰ টোকাবহীখন লৈ, নিজৰ নাম, ঠিকনা লিখি পঞ্চম মহলালৈ উঠিবলৈ স্বয়ংক্ৰিয় লিফ্ট'ৰ ৰ বুটামত হেচি দিলো৷
৫০৪, তেওঁৰ ফ্লেটৰ সন্মুখত আহি থিয় দিলোহি৷ ধুনীয়া মাইকা লগোৱা দুৱাৰখনৰ সোমাজত, অলপ ওপৰফালে 'ছাই ৰাম' লিখা এটা ষ্টিকাৰ লগোৱা আছে৷ তাৰ ঠিক তলতে এটি মেজিক আই ৷ তেখেত হয়তো ছাই বাবাৰ ভক্ত৷ মই মনেৰে কলো “হে ছাই বাবা, তেওঁক কুশলে ৰাখা”৷ ভয়ে ভয়ে মই কলিং বেলটো টিপি দিলো৷ এজন আদহীয়া মানুহ ওলাই আহিল৷ পিন্ধনত ধুতি, গেঞ্জী আৰু ডিঙিত এখন গামোচা৷ সুধিলো, 'ছাৰ ঘৰত আছেনে? ভ্ৰু কোচাই মোলৈ চাই তেওঁ ক'লে, "আছে, পিছে মই আপোনাক আগেটো দেখা নাই৷ ৰ’ব.....নাই বহক৷ মই ছাৰক মাতি দিও" এই বুলি কৈ মানুহজন ভিতৰ সোমাল৷ তেওঁ হয়তো নলবাৰীৰ ফালৰ৷ কথাতেই ধৰিব পাৰি৷ মই জোতা খুলি দ্ৰয়িংৰুমলৈ সোমাই আহি লাহে লাহে চকু ফুৰালোঁ৷ বৰ আটোমটোকাৰীকৈ সজাইছে ৰুমটো৷ এটা অভিজাত ড্ৰয়িং ৰুম৷ কোঠালীটোৰ সোমাজত এখন কাৰ্পেট৷ চিলিঙত খুব ধুনীয়া ওলোমা ওলোমা লাইট৷ একাষে ছয়জন বহিব পৰা ডাইনিং ছেট৷ ঠিক বিপৰিতে এখন বুক ছেল্ফ৷ তাৰ ওপৰেৰে এখন ধুনীয়া oil painting ওলোমাই থৈছে৷ হয়তো মোৰ বন্ধুৰ পত্নী৷ ছেল্ফৰ ওপৰত সেয়া হয়তো পো-বোৱাৰীৰ ফটো৷ কাষৰ চুকটোতে এটা বৃহত একুৱেৰিয়াম৷ বিভিন্ন ধৰণৰ মাছ৷ কোনোটো কলা, কোনোটো বগা৷ মাছ চাই চাই বহু সময় পাৰ কৰিব পাৰি৷ এখন সুদৃশ্য ছোফাত বহি পৰিলো৷ বন্ধুজনক মাতিব যাওঁ বুলি কৈ যোৱা মানুহজনৰ মুখখন দেখি মোৰ মনটো ফৰকাল হৈছিল৷ বন্ধুজন ওলাই অহালৈ অপেক্ষা কৰিলো৷
লাহে লাহে সদায় দেখি অহা ট্ৰেকচুত পৰিধান কৰি চিন্তাক্লিষ্ট মুখায়বেৰে সোমাই আহিল মোৰ অভিযন্তা বন্ধু৷ মোক দেখি তেওঁৰ মুখৰ ৰঙ যেনেকৈ সলনি হ’ল যেন হীৰুদাৰ এটি কবিতাহে৷ খৰকৈ আগুৱাই আহি, সোহাঁতখন আগুৱাই দি গুৰুগম্ভীৰ মাতটোৰে একপ্ৰকাৰ চিঞৰিয়েই ক’লে, 'গুড মৰ্নিং ইয়ং মেন, কি খবৰ?’ ময়ো হাতখন খামুচি ধৰি কলো, 'গুড মৰ্নিং ছাৰ।'
কোঠালীটোলৈ যেন এজাক প্ৰশান্তিৰ বতাহ সোমাই আহিল৷ মোক একো ক'বলৈ সুবিধা নিদি তেওঁ চিঞৰি কলে, 'যতিন, আমাৰ দুয়ো জনলৈ ব্ৰেক ফাষ্ট বনোৱা৷ আগেয়ে একোকাপ ফিকা চাহ চেনী নিদিয়াকৈ’৷ মোলৈ ঘুৰি কলে ’জানে ইয়ং মেন, ফিকা চাহ চেনি নিদিয়াকৈ খাব লাগে৷ তেহে মজা’৷ ময়ো শলাগি থ'লো৷ কিহেৰে আৰম্ভ কৰিম বুলি উকমুকাই থাকোতেই, তেখেতেই আৰম্ভ কৰিলে ’কওকচোন ইয়ং মেন, খবৰবোৰ, আমাৰ আড্ডাবোৰ চলি আছেনে?’ মোৰ সংক্ষিপ্ত উত্তৰ 'হয়, চলি আছে’৷ এনেতে যতিন মানে মোক দুৱাৰ খুলি দিয়া লোকজনে এখন ট্ৰলিত দুকাপ ফিকা চাহ আৰু এখন প্লেটত ম'নাক' জাতীয় নিমখীয়া বিস্কুট লৈ কোঠালীটোলৈ সোমাই আহিল৷
চাহৰ কাপত সোহা দি মোৰ বন্ধুৱে আৰম্ভ কৰিলে 'আই ৱাজ ৰিয়েলি এক্সপেক্টিং ইউI মই জানিছিলোঁ, আপুনি আহিব৷ ইয়ালৈ অহা প্ৰায় পাছ বছৰ হ’ল৷ শুনিছিলো উজান বজাৰৰ মানুহবোৰ মাছ আৰু বন্ধুত্ব বিলাসী৷ উজান বজাৰত নৈৰ তাজা মাছ পোৱা যায়৷ খাবলৈ বৰ সোৱাদ৷ কিন্তু মই বন্ধু গঢ়িব পৰা নাই৷ মানুহবোৰে যেন মুকলিকৈ কথা পাতিবলৈ সংকোচ কৰে৷ কিয়? অসমৰ পুৰণি ক্লাব বোৰৰ দুটা এই উজান বজাৰতে৷ কিন্তু বন্ধুত্ব গঢ়িবলৈ কৃপনালি কিয়?’ মোৰ কোনো উত্তৰ নাছিল৷
আমাৰ চাহ খোৱা ইতিমধ্যে শেষ হৈছে৷ বন্ধু গৰাকী ব্ৰেক ফাষ্ট'ৰ তদাৰকী কৰিবলৈ ভিতৰলৈ গ’ল৷ ময়ো বুজি পালো আড্ডা জমিব৷ ফোনটো উলিয়াই পৰিবাৰক ব্ৰেক ফাষ্ট'ৰ খবৰটো দিলো৷ ভাগ্য ভাল আজি দ্বিতীয় শনিবাৰ৷ ৰুমটোৰ চাৰিওপিনে চকু ফুৰালো, খবৰ কাকতখন বিচাৰি৷ এনেতে বন্ধু গৰাকী ট্ৰেকচুটযোৰ সলাই শুধ্ব বগা ৰঙৰ কামিজ পিন্ধি ওলাই আহিল৷
বন্ধুৰ মোলৈ প্ৰশ্ন, 'কি বিচাৰিছে?' মোৰ পোনপটীয়া উত্তৰ, 'খবৰ কাকতখন!'
(ক্ৰমশ.. )
::x::x::x::
The Writer Pranab Sarma
is a Master of Business Administration
currently working as an independent
financial consultant and
lives in Guwahati
[Disclaimer: The opinions expressed in our Blog are those of the author(s) and do not reflect the opinions of the Publisher.]
Comments