অভিনন্দন দত্ত
যোৱাকালি বজাৰত মই তাক লগ পালোঁ।
খৰ খোজেৰে সি বিচাৰি ফুৰিছিল,
কুমলীয়া নেমু আৰু পূৰঠ বিলাহী,
সেউজীয়া নেমু ৰঙা বিলাহী…
মই ট্ৰেফিক চিগ্নেলত থিয় হৈ একেই দুটা ৰঙত দৃষ্টি ৰাখিছিলো
সেউজীয়া আৰু ৰঙাৰ সাংকেতিক ভাষাত যানবাহনবোৰে,
অশুদ্ধ বৈয়াকৰণিক কবিতা ৰচিছিল।
যোৱাকালি বজাৰত সি নেমু বিলাহী বিচাৰি ফুৰোতে,
নাজানো শুনিলে নে নাই,
‘কিলো বিছ, চাৰি মুঠি দহ টকাৰ‘ দৰে সমস্বৰে সমবেত সংগীত।
কিজানি সি নুবুজিলে -
সেইয়া প্ৰতিবাদী সংগীত!
প্ৰতিবাদ -
লাই পালেং লেৰেলি শুকুৱাৰ প্ৰতিবাদ,
ফুলকবিত পোকে ধৰাৰ প্ৰতিবাদ,
কিনিব নোৱাৰি সেপ্ ঢোকাৰ বিৰুদ্ধে প্ৰতিবাদ,
কিনা-বেচাৰ বজাৰত নানান প্ৰতিবাদ।
বৰ হাঁহিমুখে সি যোৱাকালি বজাৰত সোমাইছিল,
ওলাই যাঁওতে বিমৰ্ষ যেন লাগিল,
আদৱ কাইদাবোৰ কিজানি তাৰ সংবিধানৰ বাহিৰত।
মই ট্ৰেফিক চিগ্নেলত বিলাহী আৰু নেমু টেঙাৰ
ধিমিক ধামাক ৰঙবোৰত মচগুল হৈ থাকোতেই,
মোৰ কাষেৰে উকা মোনা এখন লৈ সি পাৰ হৈ গ’ল!
ৰঙা চোলা পিন্ধি উদং হাতেৰে বজাৰ এৰি যাঁওতে,
মই যোৱাকালি গনতন্ত্ৰক লগ পালোঁ...
::x::x::x::
Poet Abhinandan Dutta
hails from Golaghat and
currently working as a
Dy. Manager, Lower Kapili
HE Project, AEGCL
[Disclaimer: The opinions / views expressed in our Blog are those of the author / poet and do not reflect the opinions of the Publisher]
Comments