top of page
Search
Writer's pictureStraight from the Heart

মই আজি বুদ্ধিভ্ৰস্ত এক বেকাৰ

চামচুল হুদা পাটগিৰি



মই আজি বুদ্ধিভ্ৰস্ত এক বেকাৰ

পেটৰ ক্ষুধাই জিৰ্ণশিৰ্ণ কৰা মোৰ

শৰীৰটোৱে ঢাপলি মেলিছিল

শুক্লেশ্বৰৰ সদাব্যস্ত পদপথলানিলৈ।


সৌ সিদিনা পোৱা মক্কাৰ পাহাৰলানিৰে বগুৱাবাই

মোৰ ক্ষুধাটোৰ পেটটোক ক্ষান্ত কৰিছিলোঁ

এমুঠি চিন্নিৰে….


মোৰ নামটো জানো কি আছিলে…

হয়টো মায়ে বা বাবাই কৈছিল

তই মানৱ সন্তান

সেয়েহে তই আমাৰ মানৱ…

যদিওবা মই অংগক্ষত

আজীৱন!


আমাৰ কথা আৰু কোঠা

এই চহৰৰ অলিয়ে গলিয়ে

যেনে ধৰক ময়লা-টেংকিৰ সেই ধূসৰ আকাশ

অথবা লাখটকীয়াৰ দুই নং ৰেলগেটৰ

নিৰ্বাচনী পোষ্টাৰেৰে ঢকা এটা জুপুৰী।


ময়ো ভাৰত পুত্ৰ

কিন্তু মই ভোকাতুৰ এটা ৰাং কুকুৰ,

মোৰ কোতৰত তিৰ্ বিৰাই লুকাই থকা চকু হালিয়ে

আপোনালোকৰ উদাসীন জীৱনশৈলী

বাৰুকৈয়ে বুজি উঠিছে….


মই ভাৰতৰ ক্ষোভিত, বঞ্চিত শ্ৰেণীটোৰ

এশ কোটিৰ এজন,

ঈশ্বৰৰ নিকট ভকত

কোনোবা গুজৰাটী সাউদে যদি

আমাক ভাত দিয়ে

আমি গুজৰাট নহলে মুম্বাইলৈকে ঢাপলি মেলিম…


মই বৌদ্ধিক দিশৰ পৰাও বঞ্চিত…

তাহানিতেই পদপথৰ সিপাৰৰ

টিভি'ৰ দোকান কেইখনে

নিউজ চেনেলবোৰৰ

কান ফটা চিৎকাৰবোৰ নিলগাই থ'লে…

আজিকালি তাত মাথোঁ ভজন আৰু গজল বজায়


আজি এজাক বৰষুণ আহিলে,

শৰৎকাল লাহেকৈ গুৱাহাটীৰ আকাশত সমাগত,

হে অনাগত শৰতৰ পূৰ্ণিমা আইদেউ

তুমি আমাৰ কাৰণে এগাল মান

ধকধকীয়া বগা ভাত লৈ আহিবলৈ নাপাহৰিবা…

আমি ভোকাতুৰ মানৱ,

মায়ে বা বাবাই কৈছিল

তই মানৱ সন্তান

প্ৰায় শ কোটিৰো অধিক এই ভূ ভাৰস্তৰ

এজন বুদ্ধিভ্ৰস্ত বেকাৰ!


::x::x::x::


Samsul Huda Patgiri

is a poet and Senior Photojournalist based at Guwahati


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

57 views

Recent Posts

See All

Comments


bottom of page