ডা: দীপক কুমাৰ শৰ্ম্মা
এদিন নৈপাৰৰ পৰা অট্টালিকাৰ ছাদলৈকে
উঠি আহিল কহুৱা
বিচাৰি শৰতৰ ঠিকনা
নাৱৰীয়াই ক'লে
ইয়াত এখন অৰণ্য আছিল
সৌপিনে কহুৱা, এইপিনে কহুৱা
কেৱল কহুৱা
এতিয়া নাজানো ক'লৈ গ'ল কহুৱা
ক'ত আছে তাৰ বুকুৰ এচোৱা
চাপৰিৰ শিপা উভালি আধা কেঁচেলুৱা
বিচাৰি ফুৰিছে ক'ত তাৰ শিপা আধৰুৱা
ক'ত? কহুৱা ক'ত?
কহুৱা বিচাৰি মেলি দিয়া নাও
অতীতত
বৰ্ত্তমানত
কহুৱাই বিচাৰিছে শৰতৰ ঠিকনা
মানুহৰ মাজত
নাৱৰীয়াক ক'লো, জানো তাৰ ঠিকনা
লগ হৈছিলো আমি
ফুৰোতে বাট, পথ, আলি, চাপৰি
পথাৰ, গৰা
সেইদিন ধৰি বিচাৰি ফুৰো
কুঁৱলীয়ে ঢকা বাট পথ, পথাৰ, গাওঁ
নদ নদী, হাবি বননি,
বিচাৰি ফুৰো
তলসৰা শেৱালি
উৰি যোৱা শৰালি
নিচ্ছিদ্ৰ কুঁৱলী
নিয়ৰে ধোৱা দুবৰি
ফৰকাল আকাশত
শুকুলা মেঘৰ ধেমালি
জোনাকে ধোৱা চুবুৰিত কৰো শৰৎ বন্দনা
বুকুৱে বুকুৱে ঢৌৱাই দিও
পথাৰত থোক ধৰা ধানৰ মাদকতা
শৰতৰ কথকতা
তাৰ উছৱৰ আত্মা
নাৱৰীয়াক ক'লো
এতিয়াতো আহো নাহোকৈ আহে শৰৎ,
অচিনাকি জগত
কহুৱা বগাই উঠিছে ছাদত
দুৰ্ব্বল হৈ আহিছে মানুহৰ সতে বন্ধা
তাৰ সোণালী সুতা
নৈ, পথাৰ, আকাশ, বতাহ
সকলোতে মানুহৰ চমটা
শৰৎ যেন কল্পকথা
মানুহৰ তুলাচনীত লাভ লোকচানৰ গাথা
শৰৎ পিষ্ট, ক্লান্ত, ক্লিষ্ট, বিধ্বস্ত
আহে আৰু যায়
হৈ আশাত আৱদ্ধ
উজ্জ্বীৱিত হব বুলি তাৰ অৱশিষ্ট
কি কয়?
কি কয় এই দুদিনীয়াই?
কয় নাৱৰীয়াই,
কোনে কয় শৰৎ নাই
শৰৎ আছে আমাৰ হিয়াত
নিঃশব্দে শুই নিয়ৰৰ দলিচাত
এক বৃহৎ দুনীয়াত
ভয় নাই, ভয় নাই
ভৈয়াই,
আমি শৰতক ৰাখিম জীয়াই
মাভৈ। মাভৈ।
নিয়ৰ সৰিবই
শেৱালী ফুলিবই
আতাঙৰীয়া ৰাস্তা কুঁৱলীয়ে ঢাকিবই
শুকুলা কহুৱাই আদৰিব বোৱতী নৈ।
মাভৈ। মাভৈ।
আনন্দত নাচি উঠে বুকুৰ পানচৈ।
::x::x::x::
Poet Dr. Dipak Kr. Sarma
is working as Professor of Surgery
and HoD, Emegency Medicine
Guwahati Medical College & Hospital
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]
Comments