top of page
Search
Writer's pictureStraight from the Heart

স্নেহৰ মজিয়াত

অনন্ত কুমাৰ ভুঞা



ঋতুৱে বিদায় লব সময়ত

দিন আৰু মাহ হেৰাব বছৰৰ বুকুত,

অনুভৱৰ মজিয়া বিচাৰি

আন্ধাৰ জোনাকত ঘুৰি ফুৰিব।


শীত ঋতুত নদী শুকাব 

বন বিৰিখ লঠঙা হব খৰাঙত,

বতাহে আনিব বাতৰি ফাগুণ অহাৰ, 

প্ৰণয়ৰ অনুভৱ আহিব লগত।


সময় নিঃশব্দে নীৰৱে বাগৰিব

অৰণ্যই খিল খিলকৈ হাঁ‌হিব,

সপোন আহি উদুলি মুদুলি কৰিব 

প্ৰতি ঋতুত সময়ৰ বান্ধোনত।


গোট মৰা অনুভৱ গলিব সময়ৰ লগত

স্মৃতি জাগিব প্ৰণয় ভাৱত,

বিস্ময়ৰ হাতাশা হেৰাব 

বেদনা ভৰা সময়ে লব বিদায়।


জীৱনৰ আদি পাঠ শিকাৰ সময়ত

মনত ভীষন উৎসাহ আছিল,

সময়ত আশা বোৰ মন্থৰ হ'ল,

অনুভৱী বতাহো আতৰিল বহু দূৰলৈ।


::x::x::x::


 

Poet Ananta Kr. Bhuyan

lives in Lakhimpur, Assam


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

53 views

Recent Posts

See All

Comments


bottom of page