ড° অভিজিত ৰাভা
ৰাতি বহু গভীৰ হ'ল, সন্ধ্যাতৰাজনী...
বহু প্ৰাচীন হ'ল, জোনৰ চেপেটা, জিলিকা পিঠিত থকা,
সময়ৰ সোণোৱালী মকৰাজালবোৰ।
হয়, তেনেই বোৱাৰীৰ বেশত আজো আইতাই পিন্ধা
কিংখাপ মেখেলাজোৰৰ দৰেই সময়ে গৰকি নিয়া।
ৰাতিৰ এন্ধাৰবোৰ তোমাৰ কলডিলীয়া খোপাত
কেলেই নিজৰ ৰহন সানে, সন্ধ্যাতৰা?
তোমাৰ দুচকুত আজি সানিলা কেলেই
হেজাৰ তৰাৰ চকমক তিৰবিৰিয়া অঞ্জন?
আকাশত দুবাহু মেলি গিলি গিলি খায়...
হেজাৰ নিহাৰিকাৰ...
থুপিতৰাবোৰ...সেই উতলা মেঘবোৰে...
বাস্পীয় তাৰ পিশাচী বাসনা,
মন্ত্ৰমুগ্ধ তাৰ ভটীয়ন যোৱা কলীয়া কামনা;
ধৰাতলত নোহোৱা হয়, জোনাকীৰ দেওলগা চুমাবোৰ।
ৰাতি যে বহু গভীৰ হ'ল, মোৰ সন্ধ্যাতৰা...
ব'লা, আগুৱাই থৈ আহোঁ তোমাক...সেই নিবিড় ৰাতিৰ পৰশে পোৱা
সময়ে নোপোৱা সেই আকাশখনিয়ে ভেটি ধৰা
অকনমান পোহৰৰ নৈখনৰ ঘাটোৱালৰ ওচৰত...।
নেদেখা ডিঙৰাত উঠি সিপাৰ হ'বা দেই, মোৰ সন্ধ্যাতৰাজনী।
শুনি হাহি যাবা... তোমাৰ কলডিলীয়া খোপাৰ মাজত
লুকাই থকা এন্ধাৰৰ ব্যৰ্থ হুমুনিয়াহবোৰ।
চুটি চুটি, ঘন ঘন, মৃদু মৃদু...
ডাৱৰৰ হয় উশাহ-নিশাহ সেয়া।
উদ্ভ্ৰান্ত আকৃতি তাৰ এতিয়া...
কিহৰ আকুটিত জ্বলি উঠে হেজাৰ শিঙাল
তাৰ যন্ত্ৰণাকাতৰ বিজুলীৰ নাচ?
বিশালতাৰ বুকুত এতিয়া ৰাতি বহু গভীৰ হ'ল;
আঁকবাক থকা সময়ৰ গুলপীয়া পাখীবোৰ
এন্ধাৰে থপিয়াই নিলে, ঘড়ীটোত কিহৰবা জুইৰ চেলেকনি?
উচতনি, চুড়ান্ত তাৰ বলীয়া পানীৰ চোকৰ পোৰণি।
যাওক বাৰু, ৰাতিটো বৰ গভীৰতাৰ বুকুতেই বহু আওপুৰণি।
::x::x::x::
Dr. Abhijit Rabha, IFS
is the Special PCCF, Diphu
Govt. of Assam
[Disclaimer: The opinions / views expressed in our Blog are those of the author / poet and do not reflect the opinions of the Publisher]
Comments